আজি বিয়লি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী জনসেৱক শ্ৰীদেৱাশীষ শৰ্মা ডাঙৰীয়াৰ সমৰ্থনত আয়োজিত ৩ খনকৈ বিশাল প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি উপস্থিত ৰাইজক সম্বোধন কৰোঁ।
দেউৰী গাঁও, ফুলগুৰি আৰু ধৰ্মমুখ নতুন বজাৰ, নগাঁৱত অনুষ্ঠিত এই তিনিওখন সভাতে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত জনতাৰ বিপুল উৎসাহ আৰু মৰমে পুনৰ প্ৰমাণ কৰিলে যে অসমৰ ৰাইজ সদায় উন্নয়ন আৰু প্ৰগতিৰ পক্ষত।
সভাসমূহত দলীয় কার্যকতা আৰু ৰাইজৰ উৎসাহ দেখা পাই এই কথাত আমি দৃঢ় বিশ্বাসী যে আমাৰ প্রার্থী শ্রীদেৱাশীষ শৰ্মা ডাঙৰীয়াই বৃহৎ ভোটৰ ব্যৱধানত জয় লাভ কৰিব।
মাননীয় বিধায়ক শ্রী শশীকান্ত দাস অসম গণ পৰিষদ দলৰ মাননীয় ৰাজ্যিক উপ-সভাপতি শ্রী বিষ্ণু দাস ডাঙৰীয়া, বিজেপিৰ জিলা সভাপতি শ্রীসুবর্ণ সিংহ শ্ৰদ্ধাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
