- এগৰাকী চক্ৰ বিষয়াৰ বিৰুদ্ধে ভিত্তিহীন আৰু ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগত আৰক্ষীয়ে কৰায়ত্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰচাৰ সম্পাদকক।গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাশ্যপী কাশ্যপ (ACS)ৰ বিৰুদ্ধে সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে ভুৱা তথা অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন উঠিছিল ৰাহুল চৌধুৰী নামৰ যুৱকজনে। গাঁও প্ৰধান নিযুক্তিৰ নামত ধন সংগ্ৰহৰ অসত্য তথ্য প্ৰচাৰ কৰি প্ৰশাসনৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ লগতে চক্ৰ বিষয়াগৰাকীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছিল ৰাহুলৰ বিৰুদ্ধে। এই সন্দৰ্ভত চক্ৰ বিষয়া কাশ্যপী কাশ্যপে গৰৈমাৰী আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই অৱশেষত গ্ৰেপ্তাৰ কৰে তথাকথিত নেতাজনক।
ধৃত ৰাহুল চৌধুৰীৰ বিৰুদ্ধে গৰৈমাৰী থানাত ৫৬/২০২৬ নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতা (BNS), ২০২৩ৰ ৩০৮(২), ৩১৮(৪), ৩৫১(২), ২২৪, ২২১ আৰু ৩(৫) ধাৰাৰ অধীনত গোচৰটো ৰুজু কৰি আৰক্ষীয়ে বৰ্তমান অধিক তদন্ত অব্যাহত ৰাখিছে। ইফালে ৰাহুল চৌধুৰীক আৰক্ষীয়ে তীব্ৰ জেৰা অব্যাহত উঠিছে।
