বদৰুদ্দিন আজমলক নগাঁও লোকসভা উপ নির্বাচনত চৰকাৰে নমাইছে চৰকাৰক প্ৰটেকচন দিয়াৰ বাবে আজমলক প্ৰজেক্ট কৰিছে চৰকাৰেঃ বিধায়ক ৰেকিবুদ্দিন আহমেদ

নগাঁও লোকসভা নিৰ্বাচনত AIUDF প্ৰধান বদৰুদ্দিন আজমলক ফিল্ডত নমাইছে চৰকাৰে, চৰকাৰক Protection দিয়াৰ বাবেহে বদৰুদ্দিন আজমলক project কৰিছে চৰকাৰে । এই তাৎপৰ্যপূৰ্ণ মন্তব্য কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ।বুধবাৰে ছমৰীয়াৰ টুপামাৰী আঞ্চলিক কলেজৰ নৱাগত আদৰণি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক ৰেকিবুদ্দিন আহমেদ।সভাৰ শেষত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰে বিধায়ক গৰাকীয়ে। তদুপৰি নগাঁও উপ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ২ ৰ পৰা ২,৫ লাখ ভোটত জয়ী হব বুলিও কয় বিধায়ক ৰেকিবুদ্দিন আহমেদে। আনহাতে আদৰণি সভা উপলক্ষে কলেজখনৰ অধ্যক্ষ ড০ আব্দুল জলিলৰ পৌৰহিত্যত অনুষ্ঠিত সভাত ছমৰীয়া সমষ্টিৰ অনগ্ৰসৰ অঞ্চল সমুহৰ শীঘ্ৰেই সৰ্বাংগীন উন্নয়ন সাধন কৰা হব বুলিও ভাষণ প্ৰসংগত কয় বিধায়ক ৰেকিবুদ্দিন আহমেদে।

Leave a Reply

BP NEWS Live
Logo Monday, 5 October 2026
Login / Register