ৰাজ্যৰ বিশেষ চৰ্চিত অৰুণোদয় আঁচনিক লৈ এক ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অচিৰেই অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰীয়ে লাভ কৰা মাহেকীয়া বিত্তীয় সাহায্যৰ পৰিমাণ ২,০০০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
জুৰীয়াত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। আত্মনিৰ্ভৰ আৰু বিকশিত অসম গঢ়াৰ সংকল্পৰে আয়োজিত এই সভাত মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাজ্যখনৰ আৰ্থিকভাৱে পিছপৰা আৰু মহিলাসকলক স্বাবলম্বী কৰি তোলাৰ বাবে চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা দোহাৰে।
মুখ্যমন্ত্ৰীৰ এই ঘোষণাই ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী পৰিয়াললৈ এক নতুন আশাব্যাঞ্জক বাৰ্তা কঢ়িয়াই আনিছে।
