অবৈধ খনিজ ব্যৱসায়ৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰাৰ লগতে ৰাজ্যৰ ৰাজহ বৃদ্ধি আৰু খনিজ সম্পদৰ সুশৃংখল ব্যৱস্থাপনা নিশ্চিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে খনিজ বিধিত গুৰুত্বপূৰ্ণ সংশোধন আনিছে। ৰাজ্য চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ আছাম মাইনৰ মিনাৰেল কনচেছন ৰুলছ, ২০১৩-ৰ সংশোধনীক অনুমোদন জনাইছে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী -ই সামাজিক মাধ্যমত জনায় যে, খনিজ সম্পদৰ অধিক স্বচ্ছ, জবাবদিহিমূলক আৰু সুশৃংখল ব্যৱস্থাপনা নিশ্চিত কৰাৰ লগতে ৰাজ্যৰ ৰাজহ সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে কয় যে, নতুন সংশোধনীৰ ফলত বহিঃৰাজ্যৰ পৰা অসমলৈ অহা গৌণ খনিজৰ ওপৰত অধিক স্বচ্ছ নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলা হ’ব। লগতে, ৰাজ্যত প্ৰৱেশ কৰাৰ পূৰ্বেই ৰয়েল্টী আৰু জিএছটি পৰিশোধ নিশ্চিত কৰিব লাগিব। ইয়াৰ উপৰিও বৰষুণৰ সময়তো যাতে খনিজৰ যোগান অব্যাহত থাকে, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।
সংশোধিত বিধি অনুসৰি, বহিঃৰাজ্যৰ পৰা অসমলৈ বালি, শিল আদি গৌণ খনিজ কঢ়িয়াই অনা প্ৰতিখন বাহনৰ ক্ষেত্ৰত প্ৰতিঘনমিটাৰত ১৫০ টকাৰ যাত্ৰা অনুমতি মাচুল আৰোপ কৰা হৈছে। আনহাতে, অনুমোদিত খনন লীজ এলেকাৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ষ্টকইয়াৰ্ড স্থাপনৰ অনুমতিও দিয়া হ’ব, যাতে বিশেষকৈ বৰষুণৰ সময়ত খনিজৰ যোগান ব্যাহত নহয়।
ইয়াৰ লগতে অধিকাৰ শুল্ক ফাঁকি, অবৈধ খনিজ ব্যৱসায় আৰু নিয়ম উলংঘনৰ বিৰুদ্ধে অধিক কঠোৰ বলবৎ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মুখ্যমন্ত্ৰীৰ মতে, এই সংশোধনীয়ে বৈধ খনিজ ব্যৱসায়ক উৎসাহিত কৰাৰ লগতে ৰাজ্যৰ ৰাজহ বৃদ্ধি, খনিজ সম্পদৰ সঠিক ব্যৱহাৰ আৰু সুশাসন অধিক শক্তিশালী কৰাত সহায়ক হ’ব।
