আগৰতলাত অনুষ্ঠিত ৮ম উত্তৰ-পূৱ পেনচাক চিলাট চেম্পিয়নশ্বিপত উজলিল নগৰবেৰাৰ দুগৰাকী গৰাকীকৈ সু-সন্তান

কামৰূপৰ নগৰবেৰাৰ পেনচাক চিলাট একাডেমীয়ে বৃহত্তৰ অঞ্চলটোলৈ গৌৱৰ কঢ়িয়াই আনিছে। ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত ৮ম উত্তৰ-পূৱ পেনচাক চিলাট চেম্পিয়নশ্বিপত উজলিল নগৰবেৰাৰ দুইগৰাকীকৈ সু সন্তান। প্ৰতিযোগিতাখনৰ তিনিটাকৈ শাখাত অংশগ্ৰহণ কৰি নগৰবেৰাৰ দুই গৰাকী সু-সন্তানে বুটলিলে মেডেল। পেনচাক চিলাট একাডেমী নগৰবেৰাৰ প্ৰশিক্ষক ৰাজুফা আহমেদৰ নেতৃত্বত কামাল হাচানে সোনৰ পদক আৰু মেহবুবা নুৰ ৰহমান ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। চলিত মাহৰ ১১ আৰু ১৩ তাৰিখে ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখন। নগৰবেৰাৰ দুই সু-সন্তানে মেডেল লাভ গৌৰৱ কঢ়িয়াই আনাত সমগ্ৰ নগৰবেৰাবাসী আনন্দিত হৈ পৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিভিন্ন ৰাজ্যৰ পৰা মেডেল বুটলি আনি নগৰবেৰাৰ নাম উলাইছিল নগৰবেৰাৰ পেনচাক চিলাট একাডেমীয়ে।

Leave a Reply

BP NEWS Live
Logo Friday, 9 October 2026
Login / Register