উলফা (স্বা.)-ত যোগদানৰ অভিযোগত ডিব্ৰুগড়ৰ এজন যুৱকক গ্ৰেপ্তাৰ।
চৰাইদেউ আৰক্ষীৰ অভিযানত নগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ডিব্ৰুগড়ৰ যুৱক শ্যামল দানহক। আৰক্ষীৰ অভিযোগ অনুসৰি, যুৱকজনে নিষিদ্ধ সংগঠন ULFA (Independent)-ত যোগদানৰ উদ্দেশ্যে আগবাঢ়িছিল।
আৰক্ষীৰ তথ্য অনুসৰি, নগালেণ্ডত থকা অৱস্থাত শ্যামল দানহক আটক কৰি চৰাইদেউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। যুৱকজনৰ ULFA (স্বা.)ৰ সৈতে প্ৰকৃততে কি ধৰণৰ যোগাযোগ আছিল আৰু তেওঁ কিদৰে সংগঠনটোৰ সৈতে জড়িত হৈছিল, সেই সন্দৰ্ভতো তদন্ত চলাইছে আৰক্ষীয়ে।
উল্লেখ্য যে, আৰক্ষীৰ এই অভিযোগৰ সত্যতা তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে স্পষ্ট হ’ব।
