কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা ।

গুৱাহাটী: ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা (CUSU) নিৰ্বাচন ২০২৬-২৭ ৰ ফলাফল ঘোষণা কৰা হৈছে। ভোটগণনাৰ অন্তত বিজয়ী প্ৰাৰ্থীসকলৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ পায়।

নিৰ্বাচনৰ ফলাফল আৰু বিজয়ী প্ৰাৰ্থীসকল:

সভাপতি: আৰ কে বি (RKB) হোষ্টেলৰ হৰি প্ৰসাদ চেতিয়া।

উপ-সভাপতি: এঞ্জেলিনা বসুমতাৰী।  

সাধাৰণ সম্পাদক: আৰ কে বি (RKB) হোষ্টেলৰ উজ্জ্বল ডেকা।  

সহকাৰী সাধাৰণ সম্পাদক: এছ আৰ বি (SRB) হোষ্টেলৰ চাইনী বৰুৱা।

সাংস্কৃতিক সম্পাদক: দেৱস্মিতা বৰুৱা।

ক্ৰীড়া (Athletics) সম্পাদক: কৃষ্ণমণি ৰাভা।

সমাজ সেৱা সম্পাদক: গীতসৃষ্টি হাজৰিকা।  

তৰ্ক সম্পাদক: অঞ্জলী মাৰ্ডি।  

সংগীত সম্পাদক: দিশা পাঠক।

‘কটনিয়ান’ সম্পাদক: অবিনাশ বৰা।

ফলাফল ঘোষণাৰ সময়ত কেম্পাছত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে বিশ্ববিদ্যালয় প্ৰশাসন আৰু আৰক্ষীৰ বিশাল দল মোতায়েন কৰা হয়। শ শ শিক্ষাৰ্থীয়ে হাতত ব্যানাৰ আৰু প্ৰাৰ্থীসকলৰ সমৰ্থনত ব্যৱহৃত পতাকা লৈ বিজয়ী প্ৰতিনিধিসকলক অভিনন্দন জনায়। নবনিৰ্বাচিত বিষয়ববীয়াসকলে কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক উন্নতি আৰু ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা সমাধানৰ দিশত নিষ্ঠাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। 

Leave a Reply

BP NEWS Live
Logo Saturday, 3 October 2026
Login / Register