বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে উঘালি পৰিল আলোপতি খাটিয়ামাৰী সংযোগী ১১০০০ ভল্টেজৰ বিদ্যুতৰ পাঁচটাকৈ বিজুলী খুটিকথমপি প্ৰাণ ৰক্ষা পথাৰত কৰ্মৰত কেইবাজনো শ্ৰমিকৰ

বৰপেটা জিলাৰ বাঘমাৰাচৰ বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ আলোপতি খাটিয়ামাৰীত বিদ্যুতৰ পাঁচটাকৈ খুঁটা উঘালি পৰাত সমগ্ৰ অঞ্চলজুৰি বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে।বিদ্যুৎ বিভাগৰ অৱহেলা আৰু অনিয়মিত কামৰ বাবে বিজুলী খুটি ভাঙি বা উঘালি পৰি সঘনাই দুৰ্যোগৰ সৃষ্টি হোৱাটো সঁচাকৈয়ে এক চিন্তনীয় আৰু গুৰুতৰ বিষয়। এনে গাফিলতিৰ ফলত কেৱল যে বিদ্যুৎ যোগান ব্যাহত হয়,তেনে নহয়, ই সৰ্বসাধাৰণ ৰাইজৰ ধন-জনৰ প্ৰতিও মাৰাত্মক ভাবুকি কঢ়িয়াই আনে। লক্ষণীয় বিষয় এই যে আজি পথাৰত শ্ৰমিকে কৰ্মৰত অৱস্থাত উঘালি পৰে বিজুলী খুঁটা কেইটা কথমপি প্ৰাণ ৰক্ষা পৰে বহু কেইজন শ্ৰমিকৰ,প্ৰত্যক্ষ দৰ্শীৰ ভাষ্যমতে বান- বাৰিষাত মাটি নৰম হোৱাৰ ফলতেই উঘালি পৰে খুটা কেইটা।অভিযোগ অনুসৰি বিদ্যুৎ যোগান আৰম্ভণিৰ পৰাই ঠিকাদাৰে অনিয়মিত ভাৱে ৬০ ৰ পৰা ৭০ মিটাৰ দূৰত্বত অতি কমকৈ খুটা সমূহ পুঁতি বিদ্যুত সংযোগ দিয়াৰ ফলত সংঘটিত হৈছে এনে ঘটনা। স্থানীয় ৰাইজে কেইবাবাৰো বাঘমাৰাচৰ সংমণ্ডলৰ অধীনস্থ কৰ্মচাৰীক সমস্যা সমূহ অৱগত কৰাৰ পিছতো কোনো ধৰণৰ কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।
স্থানীয় ৰাইজে অতি সোনকালে অঞ্চলটোত বিদ্যুতৰ খুটা মেৰামত কৰি বিদ্যুৎ যোগান ধৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register