স্বাধীনতাৰ পিছত ডিব্ৰুগড়ৰ জলপথ বাণিজ্যত ঐতিহাসিক সংযোজন!

ডিব্ৰুগড়ে অতি শীঘ্ৰেই লাভ কৰিবলৈ গৈছে এক ঐতিহাসিক জলপথ বাণিজ্যিক মাইলৰ খুঁটি। অসম পেট্ৰ’-কেমিকেলছ লিমিটেড (APCL), নামৰূপৰ পৰা মিথানল কঢ়িয়াই এখন কাৰ্গ’ জাহাজ বগীবিল ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপ’ৰ্ট টাৰ্মিনেলৰ পৰা ব্ৰহ্মপুত্ৰৰে বাংলাদেশলৈ যাত্ৰা কৰাৰ বাবে সাজু হৈছে।

স্বাধীনতাৰ পিছত ডিব্ৰুগড়ৰ জলপথ নেটৱৰ্কৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমবাৰৰ বাবে এনে কাৰ্গ’ পৰিবহণ হ’বলৈ গৈছে। ৰাষ্ট্ৰীয় জলপথ-২ (NW-2)ৰ জৰিয়তে এই যাত্ৰাই ডিব্ৰুগড়ক পুনৰ বাংলাদেশ আৰু বহিঃৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে জলপথেৰে সংযোগ কৰাৰ নতুন সম্ভাৱনা সৃষ্টি কৰিছে।

মিথানল লোডিঙৰ বাবে ২৭টা ISO টেংক কঢ়িয়াই এখন জাহাজ গুৱাহাটীৰ পৰা বগীবিলত উপস্থিত হৈছে। এই মিথানলৰ চালান ব্ৰহ্মপুত্ৰ আৰু ভাৰত-বাংলাদেশৰ অভ্যন্তৰীণ জলপথেৰে বাংলাদেশলৈ পৰিবহণ কৰা হ’ব।

এই অভিযানৰ বাবে দুখন জাহাজ সাজু কৰা হৈছে আৰু প্ৰতিখন জাহাজত ২৭টাকৈ কনটেইনাৰ থাকিব। প্ৰতিটো কনটেইনাৰত প্ৰায় ২০ টন মিথানল কঢ়িয়াব পৰা যাব। অৰ্থাৎ প্ৰতিখন জাহাজৰ কঢ়িয়াব পৰা সামগ্ৰীৰ পৰিমাণ প্ৰায় ৫৪০ টন, আৰু দুখন জাহাজ মিলি প্ৰায় ১,০৮০ টন মিথানল পৰিবহণ কৰিব।

বগীবিলৰ পৰা বাংলাদেশ সীমান্তলৈ প্ৰায় ৭৮৩ কিলোমিটাৰ জলপথ অতিক্ৰম কৰিবলৈ জাহাজকেইখনৰ প্ৰায় সাত দিন সময় লাগিব বুলি আশা কৰা হৈছে। NW-2ৰ কাষত নিৰ্মাণ কৰা বগীবিল টাৰ্মিনেলত জেটী, গুদাম আৰু শুল্ক বিভাগৰ আন্তঃগাঁথনিৰ সুবিধা আছে, যিয়ে বাণিজ্যিক কাৰ্গ’ পৰিবহণ সহজ কৰি তুলিব।

উল্লেখ্য যে, বাংলাদেশ সীমান্তৰ পৰা সদিয়ালৈ ব্ৰহ্মপুত্ৰৰ মাজেৰে বিস্তৃত ৮৯১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় জলপথ-২ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিবহণ কৰিড’ৰ হিচাপে বিবেচিত হৈ আহিছে।

এই নতুন কাৰ্গ’ পৰিবহণে উত্তৰ-পূৰ্বাঞ্চলৰ জলপথেৰে পেট্ৰ’লিয়াম সামগ্ৰী, চাহ, কয়লা, কৃষিজাত সামগ্ৰী আৰু অন্যান্য উদ্যোগিক সামগ্ৰী দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ পৰিবহণৰ নতুন সুযোগ সৃষ্টি কৰিব পাৰে।

ডিব্ৰুগড়ৰ বাবে এই পদক্ষেপৰ আছে বিশেষ ঐতিহাসিক তাৎপৰ্য। এসময়ত ব্ৰহ্মপুত্ৰই ডিব্ৰুগড় আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক দেশৰ বাহিৰৰ বজাৰৰ সৈতে সংযোগ কৰা এক গুৰুত্বপূৰ্ণ বাণিজ্যিক জলপথ হিচাপে ভূমিকা পালন কৰিছিল। মিথানলৰ এই পৰিকল্পিত চালানে আধুনিক সময়ত ব্ৰহ্মপুত্ৰক পুনৰ বাণিজ্যিক জলপথৰ মানচিত্ৰত সক্ৰিয় কৰাৰ এক নতুন অধ্যায়ৰ সূচনা কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে।

Leave a Reply

BP NEWS Live
Logo Sunday, 27 September 2026
Login / Register