মাজুলী, ২৫ ছেপ্টেম্বৰ: স্বাধীনতা সংগ্ৰামী, লোকনাথ বৰগায়নৰ দেহাৱসান। ৯৮ বছৰ বয়সত মাজুলীৰ কমলাবাৰী সত্ৰৰ এইগৰাকী বিশিষ্ট ব্যক্তি তথা নৃত্যশিল্পীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
লোকনাথ বৰগায়ন মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ সৈতে জড়িত এগৰাকী পৰিচিত ব্যক্তি আছিল। স্বাধীনতা আন্দোলনৰ সৈতে জড়িত থকাৰ লগতে সত্ৰীয়া সংস্কৃতি আৰু নৃত্যৰ ক্ষেত্ৰতো তেওঁৰ অৱদান আছে।
তেওঁৰ মৃত্যুৰ খবৰে মাজুলীৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰত শোকৰ ছাঁ পেলাইছে। বিভিন্নজনৰ লগতে সত্ৰীয়া সংস্কৃতিৰ সৈতে জড়িত লোকসকলে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।
