বিধ্বস্ত ৰাজপথত জীয়াতু ভুগিছে সত্ৰগ্ৰাম মালিবাৰী বাসী, পকী পথ নিৰ্মাণৰ দাবী

কামৰপৰ বকো ছয়গাওঁ সমষ্টিৰ মহাপুৰুষীয়া সত্ৰ সমূহৰ ভিতৰত মন্দিৰা মালিবাৰী স্থিত শ্ৰীশ্ৰী বাসুদেৱ আতৈৰ থান। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱ গুৰুজনাৰ স্মৃতি বিজড়িত সত্ৰ সংযোগী সদাব্যস্ত পথচোৱাৰ বিধ্বস্ত অৱস্থাই ৰাইজক দীৰ্ঘদিনৰে পৰা যমৰ যাতানা ভোগাই আহিছে। মন্দিৰাৰ পৰা মালিবাৰী, মালিবাৰী বজাৰ, ডেকাচাং, গৰৈমাৰী হৈ গুৱাহাটী ধাৰাপুৰ সংযোগী পথটিৰ মালিবাৰী সত্ৰ অঞ্চলত সম্প্ৰতি পথচোৱা ইমানেই বিধ্বস্ত হৈ পৰিছে যে কোনোমতেহে, বিপদসংকুল ভাবে ৰাইজে যাতায়ত অব্যাহত ৰাখিছে। বৰষুণৰ বতৰত অনবৰতে পথটিৰ কেবাস্থানতো পানীডোঙা বান্ধি পুখুৰীৰ ৰূপ লয়, ফলত ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ লগতে যান-বাহন চলাচলতো যঠেষ্ট জটিলতা নামিছে। ৰঙামাটিৰে পৰিপূৰ্ণ, পিছল পথচোৱা খোজকাঢ়ি অহাযোৱা কৰাৰ পৰত একাধিক দুৰ্ঘটনা সংঘটিত হোৱা বুলিও স্থানীয় ৰাইজৰ অভিযোগ। শীঘ্ৰে সত্ৰগ্ৰাম মালিবাৰীৰ বিধ্বস্ত পথটি মেৰামতিৰ বাবে সমষ্টিৰ বিধায়ক ৰাজু মেছৰ লগতে সংশ্লিষ্ট বিভাগলৈ সজোৰ দাবী অঞ্চলবাসী ৰাইজৰ।

One thought on “বিধ্বস্ত ৰাজপথত জীয়াতু ভুগিছে সত্ৰগ্ৰাম মালিবাৰী বাসী, পকী পথ নিৰ্মাণৰ দাবী

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register