৩৮ টা বছৰ বিনা বেতনেৰে পাঠদান দি অৱসৰ ললে প্ৰধান শিক্ষক আলী আকবৰ আৰু মৃদুল শইকীয়াই ৷ পছিশ লাখ টকাৰ গুৰু দক্ষিণা দিয়াৰ দাবী ৷

কচুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়

৩৮ টা বছৰ বিনা বেতনেৰে পাঠদান দি অৱসৰ ললে প্ৰধান শিক্ষক আলী আকবৰ আৰু মৃদুল শইকীয়াই ৷ পছিশ লাখ টকাৰ গুৰু দক্ষিণা দিয়াৰ দাবী ৷

চৰকাৰৰ কোনো আচঁনিয়েই ঢুকি নোপোৱা কঠীয়াতলি শিক্ষাখণ্ডৰ অন্তৰ্গত কচুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি শোঁকাকুল পৰিবেশ ৷ বিদ্যালয় খনৰ দুগৰাকীকৈ শিক্ষক ক্ৰমে প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আলী আকবৰ আৰু সহকাৰী শিক্ষক মৃদুল শইকীয়া এটকাও দৰমহা নোপোৱাকৈ অৱসৰ লৈছে ৷ বৃহত্তৰ কচুৱাৰ সংখ্যালঘু অঞ্চলৰ নাৰী শিক্ষাৰ চিন্তা কৰি ১৯৮৮ চনতে স্থাপন কৰিছিল কচুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয় ৷ তেতিয়াৰ পৰাই চৰকাৰী দৰমহা পোৱাৰ আশাত বন্দি হৈ দুয়ো শিক্ষাগুৰুৱে চলাই গৈছিল পাঠদান ৷ কিন্তু চৰকাৰৰ চৰম অৱহেলা আৰু বাৰংবাৰ প্ৰৱৰ্তন কৰা আসোৱাপূৰ্ণ আইনৰ বাবেই উক্ত বিদ্যালয় খন নহল চৰকাৰীকৰন ৷ আজি  এক আৱেগিক পৰিবেশত দুয়োজন অৱসৰপ্ৰাপ্ত শিক্ষকক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু বিভিন্ন দল সংগঠনে বিপুলভাৱে বিদায়ী সম্বৰ্ধনা জনায় ৷ বিদ়্যালয়ৰ সভাপতি আব্দুল মুতালিবৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত অসম শিক্ষক্ষ কৰ্মচাৰী ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি বাহাৰুল ইছলামে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰনক লৈ অসম চৰকাৰে কেৱল চৰম ভেকোঁ ভাওনা কৰি আহিছে বুলি উল্লেখ কৰি বিনা বেতনত অৱসৰপ্ৰাপ্ত শিক্ষক আলী আকবৰ আৰু মৃদুল শইকীয়াক গুৰু দক্ষিণা হিচাপে এককালিনভাৱে ২৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ৷ বিগত বিশটা বছৰত আৰ্থিক দৈন্যতাত ভুগি ৰাজ্যখনৰ দুই শতাধিক শিক্ষাগুৰুয়ে আত্মহননৰ পথ বাচি লোৱীৰ বিপৰীতে প্ৰায় বাৰশ শিক্ষকে বিনা বেতনত অৱসৰ লোৱাৰ পিছতো চৰকাৰৰ গা লৰা নাই বুলি ঐক্যমঞ্চৰ নেতা গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে ৷ বিনা বেতনত কৰ্মৰত শিক্ষক মৃদুল শইকীয়াই পইচাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি শয্যাগত অৱস্থাত চটফটাইছে আৰু শিক্ষক জনৰ ভৰি এখন হেৰুৱাই বৰ্তমান পংগু অৱস্থাত দিন কটাইছে বুলি উল্লেখ কৰি অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে লিয়াকত আলী আৰু আমীৰ হামজা ভূঞাঁই ভেঞ্চাৰ শিক্ষানুষ্ঠান সমূহ প্ৰাদেশিকৰন কৰিবলৈ চৰকাৰক দাবী জনাই ৷ বিদায়ী সভাত অধ্যক্ষ হবিবুৰ ৰহমান, সমাজ সেৱক ইছলাম কাজী,শিক্ষক চামচুদ্দিন আহমেদ, আব্দুল চালাম, আব্দুল মালেক, আব্দুৰ ৰহিম, আব্দুল হাছেন, আব্দুল হাচিম,  ৰঞ্জিত দাস, আনোৱাৰ হুছেইন, হাচেন আলী, হাবিবুল বাহাৰ , ডা: আব্দুল কায়ুম, কৰ্মচাৰী পৰিষদৰ নেতা বকুল নাথ আৰু মতিউৰ ৰহমান আৰু আমছু নেতা নজৰুল ইছলামে শিক্ষাৰ ওপৰত মূল্যবান ভাষণ ৰাখে ৷

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register