বঢ়মপুৰ সমজিলাৰ সদৰ কাৰ্যালয়ৰ স্থানক লৈ ৰাইজৰ মাজত চলি অহা মতভেদৰ অন্ত পেলাই, সকলো পক্ষৰ মতামতক সন্মান জনাই এক স্থায়ী আৰু গ্ৰহণযোগ্য সিদ্ধান্তত উপনীত হোৱাটোৱেই আমাৰ একমাত্ৰ লক্ষ্য।

বঢ়মপুৰ সমজিলাৰ সদৰ কাৰ্যালয়ৰ স্থানক লৈ ৰাইজৰ মাজত চলি অহা মতভেদৰ অন্ত পেলাই, সকলো পক্ষৰ মতামতক সন্মান জনাই এক স্থায়ী আৰু গ্ৰহণযোগ্য সিদ্ধান্তত উপনীত হোৱাটোৱেই আমাৰ একমাত্ৰ লক্ষ্য।

সেই হেতুকে, আজি ননৈত অনুষ্ঠিত এখন ৰাজহুৱা সভাত সমষ্টিৰ সকলো দল সংগঠন, গাঁও পঞ্চায়তৰ প্ৰতিনিধি, জ্যেষ্ঠ নাগৰিক, বুদ্ধিজীৱী তথা সমূহ ৰাইজৰ মতামত তথা পৰামৰ্শৰ ভিত্তিত সদৰ কাৰ্যালয়ৰ বাবে বঢ়মপুৰ, কঠীয়াতলী আৰু কামপুৰ—এই তিনিটা স্থানৰ নাম প্ৰস্তাৱিত হয়।

এই প্ৰস্তাৱকেইটি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰীকা ডাঙৰীয়াৰ ওচৰত উপস্থাপন কৰিম। আলোচনাৰ অন্তত অহা ৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাত বঢ়মপুৰ সমজিলাৰ মুখ্য কাৰ্যালয়ৰ স্থান সন্দৰ্ভত ৰাইজক অৱগত কৰিম।

মই বঢ়মপুৰৰ ৰাইজক আশ্বাস দিছোঁ—আপোনালোকৰ স্বাৰ্থ আৰু অধিকাৰৰ ক্ষেত্ৰত মই কেতিয়াও পিছ হুঁহকিব নোৱাৰোঁ। ৰাইজৰ মতামত, আশা-আকাংক্ষা আৰু স্বাৰ্থক সৰ্বাধিক গুৰুত্ব দি বঢ়মপুৰ সমজিলাৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register