১১ অক্টোবৰঃ গেলেকী আঞ্চলিক ছাত্ৰ সন্থাত সৃষ্টি হৈছে সাংগঠনিক অস্থিৰতা। আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আলতাফ হুছেইনে নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি পদত্যাগ কৰাৰ কথা সামাজিক মাধ্যমযোগে অৱগত কৰে।
নিজৰ পদত্যাগ সম্পৰ্কে সামাজিক মাধ্যমত দিয়া এটা দীঘলীয়া পোষ্টত আলতাফ হুছেইনে সংগঠনৰ সৈতে জড়িত হৈ থকা সময়ছোৱাৰ অভিজ্ঞতা, আদৰ্শ আৰু সাংগঠনিক দায়িত্বৰ কথা উল্লেখ কৰে।
ইফালে, সভাপতি পদত্যাগৰ পাছতে গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদককে ধৰি সমূহ বিষয়ববীয়া আৰু কৰ্মকৰ্তাই সমূহীয়াভাৱে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁলোকে নিজৰ সমূহীয়া পদত্যাগ পত্ৰ জিলা ছাত্ৰ সন্থালৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।
এই ঘটনাই গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক পৰিস্থিতিক লৈ চৰ্চাৰ সৃষ্টি কৰিছে। অৱশ্যে, এই পৰ্যন্ত জিলা ছাত্ৰ সন্থাৰ পৰৱৰ্তী পদক্ষেপ সম্পৰ্কে কোনো তথ্য জানিব পৰা হোৱা নাই।
