নিচানৰচৰ ক্ৰিকেট এচোছিয়েশ্যনৰ উদ্যোগত প্ৰাইজমানী ক্ৰিকেট খেলৰ শুভাৰম্ভ। ‎

প্ৰতিবছৰৰ দৰে এইবেলিও বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত নিচানৰচৰ ক্ৰিকেট এচোছিয়েশ্যনৰ উদ্যোগত আয়োজন কৰিছে লুইতপৰীয়া মহাবিদ্যালয়ৰ খেলপথাৰত প্ৰাইজমানী ক্ৰিকেট খেলৰ। তদুপলক্ষে কালি দুপৰীয়া এক বজাত খেলখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে চেঙা আঞ্চলিক পঞ্চায়তৰ সদস্য আবুল বাশ্বাৰ আনছাৰীৰ লগতে আলোপতিচৰ আৰক্ষী থানাৰ নাগৰিক সমিতিৰ সভাপতি আমিনুল ইছলামে। নিচানৰচৰ ক্ৰিকেট এচোছিয়েশ্যনৰ সভাপতি নুৰ আলম মণ্ডলৰ লগতে সম্পাদকদ্বয় ক্ৰমে অসম লাইভ 24 ৰ’ৰ সাংবাদিক বিল্লাল হুছেইন আৰু আব্দুল হালিমে জনোৱা মতে খেলৰ প্ৰথম পুৰস্কাৰ ২৫,০০১ টকা আৰু দ্বিতীয় পুৰস্কাৰ ১৫,০০১টকা লগতে এটাকৈ ট্ৰফী। উক্ত উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ ক্ৰীড়া প্ৰেমীক ৰাইজৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উদ্ধোধনী খেলখন নিচানৰচৰ ক্ৰিকেট দল আৰু কালাইৰদিয়া ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়।  ঢোলে-দগৰে এক হৰ্ষল্লোখৰে শান্তিপূৰ্ণ ভাৱে খেলৰ শুভ উদ্বোধন কৰাৰ লগতে উপস্থিত সকলোকে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে খেল পৰিচালনা সমিতিৰ কৰ্মকৰ্তা সকলে অনাগত দিনবোৰত চলিবলগীয়া প্ৰতিটো খেলত সমুহ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

‎

Leave a Reply

BP NEWS Live
Logo Monday, 26 October 2026
Login / Register