লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বধাকৰাত অভিযান চলাই আজি পুৱতি নিশা দুই কেজি গাঞ্জা সহ দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গাঞ্জা সৰবৰাহত জড়িত এই লোক দুজন হৈছে বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বধাকৰা বালিগাঁৱৰ টুনীৰাম বৰা, ৰ পুত্ৰ গণেশ বৰা আৰু গোপীৰাম বৰা, ৰ পুত্ৰ টুনীৰাম বৰা বুলি জানিব পৰা গৈছে। এই দুয়ো পিতা পুত্ৰই দীৰ্ঘদিন ধৰি অঞ্চলটোত অবৈধ গাঞ্জা ব্যৱসায় কৰি আহিছিল। এই পিতা পুত্ৰৰ বিৰূদ্ধে বগীনদী আৰক্ষী থানাত পুৰ্বেও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল। তাৰ মাজতে এক গোপন খবৰৰ ভিত্তিত বগীনদী আৰক্ষী থানাত নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া সুশীল ছেত্ৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে দুয়োকে নিজৰ বাসগৃহত গাঞ্জা সহ গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।
লখিমপুৰৰ বধাকৰাৰ পৰা দুই কেজি গাঞ্জা সহ দুজন লোকক গ্ৰেপ্তাৰ বগীনদী আৰক্ষীৰ ।
