কামৰূপৰ ছমৰীয়া সমষ্টিৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান টুপামাৰী আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত বাৰ্ষিক বিদ্যালয় সপ্তাহ আৰু নৱাগত আদৰণি সভাৰ সফল সামৰণি পৰে। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশ, শৈক্ষিক উত্তৰণ আৰু নতুন শিক্ষাৰ্থীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে টুপামাৰী আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আয়োজন কৰা হৈছিল বাৰ্ষিক বিদ্যালয় সপ্তাহ আৰু নৱাগত আদৰণি সভা। সাতদিন ধৰি বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা এই অনুষ্ঠানৰ শনিবাৰে নিশা সফল সামৰণি পৰে। অনুষ্ঠানৰ অন্তিম দিনা অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সুবক্তা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদিপ ভাগৱতী। বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি আজিজুল হকৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত ত্ৰিদিপ ভাগৱতীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এক উদ্দীপনামূলক ভাষণ প্ৰদান কৰে।তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে চিকিৎসক, অভিযন্তা অথবা অধিবক্তা হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে এগৰাকী প্ৰকৃত ভাল মানুহ হিচাপে নিজকে গঢ়ি তোলাৰ আহ্বান জনায়। তেওঁ কয় যে কেৱল পঢ়া-শুনা কৰি সফলতা অৰ্জন কৰাই জীৱনৰ একমাত্ৰ লক্ষ্য হ’ব নালাগে। বৰঞ্চ নিজৰ দেশ, ৰাজ্য, সমাজ, বিদ্যালয় আৰু আপোনজনৰ প্ৰয়োজনৰ সময়ত কাষত থিয় দিব পৰা মানৱীয় গুণৰ অধিকাৰী হ’বলৈও সকলোৱে চেষ্টা কৰিব লাগে। উক্ত সভাত ২ নং টুপামাৰী সোণতলী জিলা পৰিষদৰ সদস্যা দিলোৱাৰা হাচিন, অৱসৰী শিক্ষক জুল হক, আমিৰ উদ্দিন আহমেদ, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকল, অভিভাৱক-অভিভাবিকা সকলৰ লগতে ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে। ইফালে, নিশাৰ ভাগত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত কণ্ঠশিল্পীৰ গীতৰ তালে তালে মতলীয়া হৈ পৰে উপস্থিত দৰ্শকসকল। অগণন লোকৰ উপস্থিতিয়ে অনুষ্ঠানস্থলীত সৃষ্টি কৰে এক উৎসৱমুখৰ পৰিৱেশ।
টুপামাৰী আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ আৰু নৱাগত আদৰণি সভাৰ সফল সামৰণি
