শিৱসাগৰ, ২৯ জুলাইঃ সদৌ অসম ভোজপুৰী পৰিষদে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে বানপীড়িত জিলাসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আৰ্থিক সাহায্যৰ দাবী জনাইছে। পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গণেশ পাছৱানে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত কয় যে, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি জিলাত শেহতীয়া বানপানীয়ে ব্যাপক ধ্বংসলীলা সংঘটিত কৰিছে। বহু লোক গৃহহীন হোৱাৰ লগতে কৃষিভূমি, ঘৰ-দুৱাৰ, পশুধন আৰু জীৱিকাৰ বিস্তৰ ক্ষতি হৈছে।
তেওঁৰ মতে, ইমান ভয়াৱহ দুৰ্যোগৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় তৎপৰতা পৰিলক্ষিত হোৱা নাই। আন ৰাজ্যত এনে দুৰ্যোগ সংঘটিত হ’লে কেন্দ্ৰীয় দল ঘটনাস্থলী পৰিদৰ্শন কৰি তাৎক্ষণিক সাহায্য ঘোষণা কৰে, কিন্তু অসমৰ ক্ষেত্ৰত তেনে পদক্ষেপ এতিয়াও দেখা পোৱা নগ’ল বুলি তেওঁ মন্তব্য কৰে। বানত ৭৫ গৰাকীতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে লাখ লাখ লোক ক্ষতিগ্ৰস্ত হোৱাৰ কথাও তেওঁ উল্লেখ কৰে।
ইফালে, দুৰ্যোগৰ আৰম্ভণিৰ পৰাই সদৌ অসম ভোজপুৰী পৰিষদে বানাক্ৰান্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান, খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণকে ধৰি বিভিন্ন মানৱীয় সেৱা অব্যাহত ৰাখিছে। বিশেষকৈ শিৱসাগৰ জিলাত পৰিষদৰ জিলা আৰু আঞ্চলিক সমিতিসমূহে দিনে-ৰাতিয়ে বানপীড়িত লোকসকলৰ কাষত থিয় দি সহায় আগবঢ়াই আছে।
পৰিষদে পাঁচ দফীয়া দাবীৰ জৰিয়তে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা, বিশেষ আৰ্থিক পেকেজ, বানত নিহতসকলৰ পৰিয়ালক ক্ষতিপূৰণ, ক্ষতিগ্ৰস্ত কৃষক আৰু সাধাৰণ লোকক উপযুক্ত সহায়, লগতে বানপানী নিষ্কাশনৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। একে সময়তে সামাজিক মাধ্যমত বিভ্ৰান্তিকৰ প্ৰচাৰত বিশ্বাস নকৰি সকলো জাতি-জনগোষ্ঠীক একতাৰে বানপীড়িত লোকসকলৰ সহায়ত আগবাঢ়ি আহিবলৈও আহ্বান জনোৱা হৈছে।
