অহা ৬ অক্টোবৰত অনুষ্ঠিত হবলগীয়া নগাঁও লোকসভা উপ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা হৈ প্ৰচাৰ চলাবৰ বাবে ৰূপহী সমষ্টিৰ ৰূপহী মণ্ডলৰ অন্তৰ্গত মাহেৰীপাৰ পঞ্চায়তৰ খেলপথাৰত এক বিশাল গণ সমাৱেশত আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পিযুষ হাজৰিকা আহি উপস্থিত হয় ।
- এই সমাৱেশত উপস্থিত থাকে বিজেপিৰ জ্যেষ্ঠ বিধায়ক ক্ৰমে বঢ়মপুৰ সমষ্টিৰ জিতু গোস্বামী ,লখিমপুৰ সমষ্টিৰ মানৱ ডেকা ,নগাঁও জিলা বিজেপিৰ সম্পাদক তুমন চৰকাৰ ডাঙৰীয়া,ৰূপহী মণ্ডলৰ সভাপতি ৰফিকুল ইছলাম অসম সংখ্যালঘু মৰ্চাৰ সম্পাদক আনুৱাৰ হুছেইন ,বিজেপিৰ মহিলা নেত্ৰী চালমা জেচমিন ডাঙৰীয়ানী, বিজেপিৰ নেতা শুভাংকৰ চক্ৰৱৰ্তী ডাঙৰীয়া ।
এই সমাৱেশত পাঁচ জনকৈ কংগ্ৰেছৰ সন্মানীয় পঞ্চায়ত সভাপতিয়ে বিজেপিত যোগদান কৰে । ৩ হাজাৰতকৈ অধিক দলীয় নেতা নেত্ৰীয়ে বিজেপিত যোগদান কৰে । আজি পুৱাৰে পৰা নেৰানেপেৰা বৰষুণ আছিল কিন্তু আমাৰ বিশ্বাস আছিল যে,আমাৰ সভাৰ পূৰ্বেই বৰষুণ এৰিব । আৰু সেই মৰ্মেই আজি সভাৰ পূৰ্বে বৰষুণ এৰে আৰু এক ডেৰ ঘণ্টাৰ ভিতৰতে হাজাৰ হাজাৰ লোকে আজি সমাৱেশত অংশগ্ৰহণ কৰে । এই উপস্থিতি দেখি আমি নিশ্চিত যে,আমাৰ বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা এইবাৰ নগাঁও লোকসভা উপ নিৰ্বাচনত জয় নিশ্চিত ।
