চলন্ত ৰেলৰ পৰা হিমাশ্ৰী বড়ো নামৰ এগৰাকী কলেজীয়া ছাত্রী গতিয়াই পেলাই দিয়াৰ এক অতি ভয়ংকৰ তথা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।
হিমাশ্ৰী বড়ো ভ্ৰমণ কৰা বিবেক এক্সপ্ৰেছৰ ৰেল ডবাটোৰ একাংশ সহযাত্ৰীয়ে সমগ্ৰ ঘটনা সম্পৰ্কে তেওঁৰ পৰিয়ালৰ লোকক অৱগত কৰে। ঘটনাক্ৰমে, হিমাশ্ৰীৰ পৰিয়ালক তথ্য প্ৰদান কৰাৰ পাছত ৰেলৰ ডবাটোৰ আৱৰ্জনাৰ মাজৰ পৰা তেওঁৰ দুটাকৈ বেগ উদ্ধাৰ কৰা হৈছে।
এই নৃশংস ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চলৰ সৃষ্টি হৈছে। আৰক্ষী আৰু ৰেলৱে কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
