শিৱসাগৰ, ৭ অক্টোবৰ: আজি শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হয় ‘সেৱা জ্যোতি কলহ যাত্ৰা—বিকশিত ভাৰতৰ সংকল্প’ শীৰ্ষক বিশেষ কাৰ্যসূচী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা জীৱনৰ ২৫ বছৰীয়া সেৱা, জনকল্যাণ আৰু সু-শাসনৰ যাত্ৰাক সন্মান জনোৱাৰ লগতে ‘বিকশিত ভাৰত ২০৪৭’ৰ সংকল্পক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশৰ লগতে অসমতো এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
‘সেৱা জ্যোতি কলহ যাত্ৰা’ক কেৱল এক যাত্ৰা হিচাপে নহয়, বৰঞ্চ দেশৰ প্ৰতি সেৱা, সমাজৰ প্ৰতি দায়বদ্ধতা আৰু এখন শক্তিশালী, আত্মনিৰ্ভৰ তথা বিকশিত ভাৰত গঢ়াৰ সামূহিক সংকল্পৰ প্ৰতীক হিচাপে অভিহিত কৰা হয়।
ইয়াৰ লগতে ‘সেৱা সংকল্প অভিযান’ৰ জৰিয়তে সেৱা, জনসচেতনতা, জনঅংশগ্ৰহণ আৰু উন্নয়নৰ বাৰ্তা সমাজৰ প্ৰতিটো স্তৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে।
কাৰ্যসূচীৰ জৰিয়তে প্ৰতিগৰাকী নাগৰিকক দেশৰ উন্নয়ন যাত্ৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ‘বিকশিত ভাৰত’ৰ সংকল্প বাস্তৱায়নৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ আহ্বান জনোৱা হয়।
