নগাঁও লোকসভাৰ অন্তৰ্গত ৰূপহী সমষ্টিৰ বৰালিমাৰী পঞ্চায়তৰ খেলপথাৰত ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী মন কী বাত অনুষ্ঠান শ্ৰৱণ কৰিবলৈ কেবিনেট মন্ত্ৰী শ্ৰীযুত পীয়ুষ হাজৰীকা ১০.৩০ বজাত আহি খেলপথাৰত উপস্থিত হ’ব।কাইলৈ অনুষ্ঠিত হ’বলগীয়া সভাখনৰ তদাৰক কৰিবলৈ আমি স্থানীয় সকলো পঞ্চায়ত সভাপতি আৰু নেতাসকল মিলিত হৈ আলোচনা কৰোঁ। ৰূপহী সমষ্টিৰ অন্তৰ্গত ৫ নং বুথত মোডী মন কী বাত অনুষ্ঠান হ’ব। আমি সকলোৱে তাত অংশগ্ৰহণ কৰিম। মন কী বাত অনুষ্ঠানৰ পাছত তাতে এখন ৰাজহুৱা সভা অনুষ্ঠিত হ’ব। আগন্তুক ৬ অক্টোবৰ তাৰিখে হ’বলগীয়া লোকসভা উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা হৈ প্ৰচাৰ সভাতো পীয়ুষ হাজৰীকা অংশগ্ৰহণ কৰিব। গতিকে সমূহ ৰাইজক কাইলৈ সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ। মন কী বাত অনুষ্ঠানত ১০ বজাত উপস্থিত থাকিবলৈ ৰাইজক অনুৰোধ জনাইছোঁ।
