বহতি চৰত উত্তাপ পৰিস্থিতি, ইজৰ ৰোষত চুৰি বাইক সহ চোৰ, 

পূৱ গোৱালপাৰাৰ পঞ্চৰত্ন থানাৰ অন্তৰ্গত বহতি চৰত স্থানীয় ৰাইজৰ তৎপৰতাত এখন চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ কৰাৰ লগতে অভিযুক্তক আৰক্ষীৰ হাতত গতাই দিয়া হয়। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ১৪ ছেপ্টেম্বৰ, সোমবাৰে নিশা প্ৰায় ১১ বজাত বাঘমাৰা-ভাতনাইপাইতি সংযোগী কালু বজাৰৰ পৰা AS25M5841 পঞ্জীয়ন নম্বৰৰ ছুপাৰ স্পেলেডাৰ মটৰচাইকেলখন চুৰি হৈছিল। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বহতি চৰৰ বাসিন্দা কুৰবান আলীৰ পুত্ৰ মেহেদী আলমে উক্ত নিশা মটৰচাইকেলখন চুৰি কৰি নিজ ঘৰলৈ লৈ নম্বৰ প্লেট খুলি পেলায়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতেই অঞ্চলটোৰ স্থানীয় ৰাইজে একত্ৰিত হৈ কুৰবান আলীৰ বাসগৃহত অভিযানত চলাই চুৰি হোৱা বাহনখন উদ্ধাৰ কৰি পঞ্চৰত্ন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জাহাঙ্গীৰ আলমৰ সৈতে যোগাযোগ কৰি মটৰচাইকেলখন আৰক্ষীৰ জিম্মাত গতাই দিয়ে। অঞ্চলটোত দিনক-দিনে বৃদ্ধি পোৱা এনে চোৰাং কাৰবাৰ আৰু অপৰাধমূলক ঘটনাক লৈ স্থানীয় ৰাইজে তীব্ৰ অসন্তোষ প্ৰকাশ কৰি অভিযুক্ত মেহেদী আলমক আইনী প্ৰক্ৰিয়াৰ জৰিয়তে উচিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত ৰাইজে দাবী জনাইছে। 

Leave a Reply

BP NEWS Live
Logo Saturday, 19 September 2026
Login / Register