ধিং লঘু যান-বাহন সন্থাৰ উদ্যোগত আয়োজিত ৪১তম শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা আৰু ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত বিশ্বকৰ্মা পূজাত উপস্থিত থাকি

ধিং লঘু যান-বাহন সন্থাৰ উদ্যোগত আয়োজিত ৪১তম শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা আৰু ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত বিশ্বকৰ্মা পূজাত উপস্থিত থাকি ধিং সমষ্টিৰ  ৰাইজৰ সৈতে কিছু সময় অতিবাহিত কৰিলোঁ।
বিশ্বকৰ্মা পূজা কেৱল এক ধৰ্মীয় অনুষ্ঠানেই নহয়, ই হৈছে শ্ৰম, দক্ষতা, নিষ্ঠা, সৃষ্টিশীলতা আৰু কৰ্মসংস্কৃতিক সন্মান জনোৱাৰ এক মহৎ উপলক্ষ। সমাজ গঢ়াৰ ক্ষেত্ৰত আমাৰ শ্ৰমজীৱী ভাই-ভনীসকলৰ অৱদান অতুলনীয়, আৰু এই পূজাই সেই অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰে।
ধিঙৰ চিৰস্থায়ী ধৰ্মনিৰপেক্ষ আদৰ্শ, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু ঐক্যবদ্ধ সংস্কৃতিয়ে সদায় আমাৰ সমাজখনক শক্তিশালী কৰি ৰাখিছে। বিভিন্ন ধৰ্ম, ভাষা আৰু সম্প্ৰদায়ৰ লোকসকলে একেলগে বাস কৰা এই মাটিত পাৰস্পৰিক সন্মান আৰু সৌহাৰ্দ্যৰ পৰম্পৰাই আমাৰ আটাইতকৈ  সম্পদ।
এই পৱিত্ৰ ক্ষণত ধিং সমষ্টিৰ সমূহ শ্ৰমজীৱী, কৰ্মঠ আৰু ভগৱৎপ্ৰাণ ৰাইজলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।

Leave a Reply

BP NEWS Live
Logo Tuesday, 13 October 2026
Login / Register