মাজৰচৰত ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াই আতংকিত গঞা

নগৰবেৰাৰ পৰা ইমনুল হাচানৰ প্ৰতিবেদন:-বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তর্গত পূব মাজৰচৰ গাঁওত গৰাখহনীয়াই কল ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰৰ সুঁতি নদীৰ প্ৰৱল গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে কেইবাটাও পৰিয়ালে তেওঁলোকৰ ঘৰ-দুৱাৰ ভাঙি স্থানান্তৰিত হোৱা পৰিলক্ষিত হৈছে। স্থানীয় লোকে জনোৱা মতে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত মূল ব্ৰহ্মপুত্ৰৰ সৈতে সংলগ্ন সুতি নদীটোত তীব্ৰ সোঁতৰ সৃষ্টি হৈছে। ফলত পূব মাজৰচৰ গাঁওত কেইবাটাও পৰিয়ালৰ বাৰীৰ গছ-গছনি, কৃষিভূমি জাহ গৈছে। বিগত কেবাদিন ধৰি খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত গাঁওখনৰ কেইবাটাও পৰিয়াল শংকিত হৈ পৰে। গাঁওখনৰ কেইবাটাও পৰিয়ালে ওচৰ-চুবুৰীয়াৰ সহযোগত নিজৰ ঘৰ-দুৱাৰ ভাঙি বেলেগৰ ঘৰত আশ্রয় লব লগীয়া হয়। খহনীয়াৰ কবলত পৰা পৰিয়ালকেইটা
নিজৰ সা-সামগ্ৰী লৈ ওচৰৰে এঠাইলৈ স্থানান্তৰিত হোৱা পৰিলক্ষিত হৈছে। ইপিনে গাঁওখনৰ প্ৰায় তিনি শতাধিক পৰিয়াল খহনীয়াৰ কবলত পৰাৰ আশংকাত শংকিত হৈ পৰিছে।। স্থানীয় লোকে ক্ষোভ ব্যক্ত কৰি কয় যে, পূব মাজৰচৰ গাঁওখন গৰাখহনীয়াই ব্যাপক ক্ষতিসাধন কৰাৰ লগতে বিগত সময়ছোৱাত প্রায় দুই শতাধিক পৰিয়াল গৃহহীন হৈছে। উল্লেখ্য যে বিগত ১০ বছৰত গৰাখহনীয়াত পূব মাজৰচৰ গাঁৱৰ শ শ হেক্টৰ কৃষিভূমি ব্ৰহ্মপুত্ৰৰ স্মৃতি নদীত জাহ গৈছে। কৃষিপ্রধান অঞ্চলটোৰ কৃষিভূমি জাহ যোৱাত বহু পৰিয়াল ভূমিহীন হৈ পৰিছে। পূব মাজৰচৰ গাঁৱৰ অৱশিষ্ট তিনি শতাধিক পৰিয়াল ঘৰ-দুৱাৰ, কৃষিভূমি ৰক্ষাৰ্থে শীঘ্ৰে জিঅ’বেগৰ বান্ধ দিবলৈ জিলা আয়ুক্ত আৰু জলসম্পদ বিভাগক দাবী জনাইছে অঞ্চলবাসীয়ে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register