অসমৰ সাম্প্ৰতিক ভয়াৱহ বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকক ছলমান খানে থিয় দিছে

হেজাৰ হেজাৰ লোকৰ কাষত থিয় দিছে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান। নিজৰ উদাৰতা আৰু সমাজসেৱাৰ বাবে জনাজাত অভিনেতাগৰাকীয়ে তেওঁৰ বেচৰকাৰী সংস্থা ‘বিয়িং হিউমেন’ (Being Human Foundation) আৰু স্থানীয় ‘ছলমান খান ফেন ক্লাৱ’ (SKFC) Assam-ৰ সহযোগত বানপীড়িত ৰাইজৰ বাবে এক বিশেষ সাহায্য কাৰ্যসূচী ঘোষণা কৰি কাম আৰম্ভ কৰিছে।
অভিযোগ আৰু জৰুৰী প্ৰয়োজনীয়তা অনুসৰি, এই সাহায্য অভিযানক তিনিটা মুখ্য পৰ্যায়ত ভাগ কৰা হৈছে:
প্ৰথম পৰ্যায় (জৰুৰী প্ৰাথমিক সহায়): বানপানীৰ ফলত আৱদ্ধ হৈ পৰা দুৰ্গম অঞ্চলসমূহৰ লোকসকলৰ বাবে বিশুদ্ধ খোৱাপানী, পানী পৰিষ্কাৰ কৰা টেবলেট, শুকান খাদ্য (যেনে: চিৰা, মুৰি, বিস্কুট), মহিলাসকলৰ বাবে ছেনিটাৰী পেড আৰু মহ খেদা সামগ্ৰী যোগান ধৰা হৈছে।
দ্বিতীয় পৰ্যায় (খাধ্য আৰু স্বাস্থ্য সেৱা): পৰৱৰ্তী পদক্ষেপ হিচাপে পানী শুকোৱাৰ লগে লগে বানপীড়িত পৰিয়ালসমূহক প্রয়োজনীয় ৰেচন সামগ্ৰী (চাল, ডাল, তেল আদি) আৰু বিশেষ চিকিৎসা কেম্পৰ জৰিয়তে প্ৰয়োজনীয় ঔষধ প্ৰদান কৰা হ’ব।
তৃতীয় পৰ্যায় (পুনৰসংস্থাপন): বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা স্থানীয় বিদ্যালয়, চিকিৎসালয় আৰু বাসগৃহসমূহ পুনৰ্নিৰমাণত সাহায্য আগবঢ়োৱাৰ পৰিকল্পনা কৰা হৈছে, যাতে ভুক্তভোগীসকলে পুনৰ স্বাভাৱিক জীৱনলৈ উলটি আহিব পাৰে।
অসমৰ এই ভয়াৱহ সংকটৰ সময়ত ছলমান খানৰ এই মানৱীয় পদক্ষেপে বানপীড়িত ৰাইজক বহু পৰিমাণে সকাহ দিছে। অভিনেতাগৰাকীৰ এই কাৰ্যসূচীক অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে তথা তেওঁৰ অনুৰাগীসকলে অশেষ ধন্যবাদ আৰু প্ৰশংসা জ্ঞাপন কৰিছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register