ক্ষুদ্ৰ উদ্যোগ উন্নয়ন পৰিষদ, ইংৰাজীত Small Industries Development Council চমুকৈ SIDCO ৰ উদ্যোগত আজি লখিমপুৰৰ চিয়াজুলিত বৃক্ষৰোপন কাৰ্যসূচীৰ লগতে এখনি সজাগতা সভা অনুষ্ঠিত হয়। চিয়াজুলি পঞ্চায়তৰ দীৰ্ঘা মাজ গাঁও স্থিত গ্ৰাম্য পুথিভঁৰালত অনুষ্ঠিত এই অনুষ্ঠানত, স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সজাগতা সভাত , চিডকো, ৰ জিলা পৰ্যবেক্ষক ববী চুতীয়া , খণ্ড পৰ্যবেক্ষক মিতালী শইকীয়া, চিয়াজুলি পঞ্চায়তৰ পৰিচালক কমল ছেত্ৰী আৰু থৌ থুৱনি পঞ্চায়তৰ পৰিচালক ৰাহুল শৰ্মাই, চিডকো, ই ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য সমুহ ৰাইজৰ মাজত দাঙি ধৰে।
লখিমপুৰৰ চিয়াজুলিত চিডকো ৰ , উদ্যোগত সজাগতা সভা, বৃক্ষৰোপন কাৰ্যসূচী
