লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত চলিছে চোৰাং কাঠৰ মুকলি বেহা।

লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ বিভিন্ন প্ৰান্তত চলিছে, অবৈধ চোৰাং কাঠৰ ৰমৰমীয়া বেহা। চোৰাং কাঠৰ এই ৰমৰমীয়া বেহাৰ ফলত সংমণ্ডলৰ অধীনৰ বনাঞ্চলৰ লগতে বিভিন্ন প্ৰান্তত গ্ৰামাঞ্চলৰ প্ৰাকৃতিক সম্পদ সমূহ দিনক দিনে হ্ৰাস পাই আহিছে। আৰু কাঠৰ চোৰাং বেহা চলাইছে লখিমপুৰ জিলাৰে এচাম নামজ্বলা কাঠ মাফিয়াই। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য মতে, লখিমপুৰ আৰু ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক চোৰাং কাঠ সৰবৰাহ কৰি এই অবৈধ ব্যৱসায়ৰ নেতৃত্বত আছে ভবিদ শইকীয়া ওৰফে পিয়াৰী নামৰ এজন বন মাফিয়া। লখিমপুৰৰ চৰাইমৰীয়া স্থিত বেলী নামৰ কাঠ ডিপোৰ মালিক পিয়াৰীয়ে চলোৱা চোৰাং কাঠৰ বেহা বেপাৰৰ বিষয়ে যোৱা শুক্ৰবাৰৰ দিনা পোহৰলৈ আনে, স্থানীয় ৰাইজৰ সহযোগত মানৱ সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা নেতৃত্বই। সেইদিনা স্থানীয় ৰাইজৰ সহযোগত মানৱ সংগ্ৰাম সমিতিয়ে চোৰাং শিমলু কাঠ ভৰ্তি এখন বাহন জব্দ কৰি চমজাই দিয়ে স্থানীয় পথালিপাম বন বিভাগক। দুশ চেপ্তিতকৈ অধিক শিমলু কাঠৰ তক্তা চোৰাং ভাৱে কঢ়িয়াই অনা এ এছ ০১ ইউ ৪৯৭৭ নম্বৰৰ বলেৰ পিকআপ ভান থেকেৰাগুৰিত স্থানীয় ৰাইজৰ সহযোগত জব্দ কৰি বন বিভাগক চমজাই দিছিল মানৱ সংগ্ৰাম সমিতিয়ে। আনহাতে সমিতিৰ জিলা অধ্যক্ষ দেৱৰঞ্জন বৰা,ৰ নেতৃত্বত চলা এই অভিযানক লৈ খৰ্গহস্ত হৈ পৰা কাঠ মাফিয়া ভবিদ শইকীয়াই পত্নীক লগত লৈ গৈ কাঠ জব্দ কৰা লোকসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ অপচেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত স্থানীয় ৰাইজৰ লগতে মানৱ সংগ্ৰাম সমিতিয়ে চাউলধোৱা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে কাঠ মাফিয়ায়ো চাউলধোৱা আৰক্ষী চকীত অনুৰূপ গোচৰ ৰুজু কৰা তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে, নিজৰ কাঠ মিলৰ জৰিয়তে অবৈধ চোৰাং কাঠক বৈধতাৰ লেবেল লগাই বজাৰত মুকলিকৈ বিক্ৰী কৰি অহা পিয়াৰী নামৰ এই কাঠ ব্যৱসায়ীৰ বিৰূদ্ধে জিলাখনত ব্যাপক হাৰত চোৰাং কাঠৰ ব্যৱসায় চলাই অহাৰ অভিযোগ বহু পূৰ্বৰে পৰা আছে। বিশেষকৈ বনাঞ্চলৰ উপৰিও জিলাখনৰ ঘূণাসুতি, ভীমপৰা, চাউলধোৱা, পদুমনি আদি পঞ্চায়তৰ ভিতৰুৱা ঠাইৰ বিভিন্ন জাতৰ শিমলু কাঠ অবাধ গতিত কাটি, সেই কাঠসমুহ প্লেট আকাৰত কাটি, সোৱণশিৰি নৈৰ বুকুৱেদি অথবা থেকেৰাগুৰি পথেৰে আনি নিজৰ মিলত কাটি বজাৰত মুকলিকৈ বিক্ৰী কৰি আহিছে। অথচ লখিমপুৰ জিলা বন বিভাগ আৰু জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে চলি থকা চোৰা কাঠৰ মুকলি বেহা, ক লৈ ৰহস্যজনক ভাৱে মৌন হৈ আহিছে সংশ্লিষ্ট পক্ষ।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register