লখিমপুৰৰ বধাকৰাত সোৱনশিৰি নৈত গা ধুবলৈ গৈ সন্ধানহীন এজন নৱম শ্ৰেণীৰ ছাত্ৰ।

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বধাকৰাত, সোৱনশিৰি নদীত গা ধুবলৈ গৈ বৰ্তমানলৈকে সন্ধানহীন হৈ আছে এজন নৱম শ্ৰেণীৰ ছাত্ৰ। সন্ধানহীন ছাত্ৰজন বধাকৰা কাছিকটাৰ ৰাইফল মিলিৰ পুত্ৰ ভৰত মিলি বুলি জানিব পৰা গৈছে। ঘটনাৰ বিষয়ে জানিব পৰা মতে, সন্ধানহীন ছাত্ৰজন আজি দুপৰীয়া হৰিদাসপুৰ গাঁৱৰ সমীপৰ সোৱনশিৰি নৈত গা ধুবলৈ গৈছিল। গা ধুই থাকোঁতে সন্ধানহীন হৈ পৰা ছাত্ৰজনৰ সন্ধানত এছ ডি আৰ এফে সোৱণশিৰি বুকুত তৎপৰতাৰে সন্ধান চলাই আছে যদিও বাতৰি লিখাৰ পৰলৈকে ছাত্ৰজনৰ কোনো সন্ধান পাবলৈ সক্ষম নহ ল।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register