আজি যমুনামুখৰ কেইবাটাও স্থান পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মত-বিনিময় কৰোঁ।
যমুনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শংকৰ মন্দিৰৰ মাজৰ দীৰ্ঘদিনীয়া ভূমি বিবাদৰ বিষয়টি ৰাইজ আৰু শিক্ষকসকলৰ উপস্থিতিত আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হয়। সিদ্ধান্ত অনুসৰি শংকৰ মন্দিৰ/নামঘৰৰ বাবে ১ বিঘা ৩ কঠা ১০ লোচা ভূমি আৱণ্টন কৰাৰ লগতে অৱশিষ্ট ভূমি বিদ্যালয়ৰ নামত ৰখা হয়।
লগতে বিদ্যালয়খনত ভৱিষ্যতে বিজ্ঞান আৰু বাণিজ্য শাখা মুকলি কৰাৰ কথা ঘোষণা কৰোঁ। নামঘৰ নিৰ্মাণৰ বাবে ১০ লাখ টকা ঘোষণা কৰাৰ লগতে পথ পকীকৰণ আৰু বৰবজাৰত বিজ্ঞানসন্মত নলা নিৰ্মাণৰ বাবে PWD বিভাগক প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰোঁ।
