লখিমপুৰ জিলা বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ পৰিণতি, চিয়াজুলিৰ গোমনদীত বিপদজনকভাবে ওলমি থকা হাই ভল্টেজ বিদ্যুৎ পৰিৱাহী তাঁৰত স্পৰ্শ কৰি গুৰুতৰ ভাৱে আহত প্ৰতাপগড়ৰ কিশোৰ

লখিমপুৰ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ পৰিণতি, চিয়াজুলিৰ গোমনদীত বিপদজনকভাবে ওলমি থকা হাই ভল্টেজ বিদ্যুৎ পৰিৱাহী তাঁৰত স্পৰ্শ কৰি গুৰুতৰ ভাৱে আহত প্ৰতাপগড়ৰ কিশোৰ। আহত কিশোৰজন ১নং প্ৰতাপগড়ৰ ফাৰান বাৰ্লাৰ ১৪ বছৰীয়া পুত্ৰ যোছেফ বাৰ্লা। জানিব পৰা মতে, আজি ৰাতিপুৱা লগৰীয়াৰ সৈতে গৰু চৰাবলৈ আহি, গোমনদীৰ পকী দলঙৰ ওপৰত খেলি থকা অৱস্থাত, কিশোৰজনে অসাৱধানতাবশত হাতেৰে ঢুকি পোৱা অৱস্থাত ওলমি থকা হাই ভল্টেজ বিদ্যুৎ পৰিৱাহী তাঁৰত চুই দিয়াৰ ফলত বিদ্যুতপৃষ্ঠ হৈ গুৰুতৰ ভাৱে আহত হয়। আহত কিশোৰজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি প্ৰথমতে চিয়াজুলি চাহ বাগিছাৰ চিকিৎসালয়লৈ নিয়ে, যদিও সংকটজনক অৱস্থাত থকা কিশোৰজনক পিছত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। এই ঘটনাক লৈ এতিয়া সমগ্ৰ চিয়াজুলি অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু চিয়াজুলি অঞ্চলত বিদ্যুৎ যোগান ধৰা এপিডিচিএলৰ উত্তৰ লখিমপুৰ সংমণ্ডলৰ বিষয়া কৰ্মচাৰীসকলৰ গাফিলতিক তীব্ৰ ভাষাৰে গৰিহণা দি, শীঘ্ৰেই বিদ্যুতপৃষ্ঠ হৈ জীৱন মৃত্যুৰে যুঁজি থকা কিশোৰজনৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে ক্ষতিপূৰণ দিবলৈ বিদ্যুৎ বিভাগক দাবী জনাইছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register