কামাখ্যা ষ্টেচনত ভয়ংকৰ দৃশ্য!
গুৱাহাটীৰ কামাখ্যা ষ্টেচনত পোহৰলৈ আহিছে এক উদ্বেগজনক দৃশ্য।
সকলোৰে চকুৰ সন্মুখতে, আনকি আৰক্ষীৰ উপস্থিতিতো মুকলিভাৱে ড্ৰাগছ সেৱন কৰাৰ অভিযোগ উঠিছে।
প্ৰশ্ন উঠিছে—আৰক্ষী-প্ৰশাসনে সকলো দেখিও কিয় নীৰৱ?
কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই নেকি, নে এই ভয়ংকৰ সমস্যাক ইচ্ছাকৃতভাৱে উপেক্ষা কৰা হৈছে?
যুৱ প্ৰজন্মক ধ্বংসৰ দিশে ঠেলি দিয়া ড্ৰাগছৰ দৰে মাৰাত্মক নিচাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী এতিয়া সৰ্বত্ৰ।
ৰাজহুৱা স্থানত এনে মুকলি নিচাসক্তিৰ দৃশ্যই সমাজলৈ কি বাৰ্তা দিছে?
আজিৰ এই দৃশ্যই ভৱিষ্যতে আমাৰ সমাজ আৰু মানৱ সম্পদক ক’লৈ লৈ যাব—সেইটো এতিয়া এক ডাঙৰ প্ৰশ্ন।
প্ৰশাসনে কেতিয়া ল’ব কঠোৰ পদক্ষেপ?
কেতিয়া সুৰক্ষিত হ’ব কামাখ্যা ষ্টেচন?
এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।
পিছলৈ কি হ’ব—সেয়া সময়েহে ক’ব!
ওদালগুৰিৰ পৰা শিৱ প্ৰসাদ দাস।
