তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী কুমাৰপাৰা গাঁৱৰ প্রগতিশীল কৃষক দৈমালু বসুমতাৰীৰ ড্ৰেগন ফলৰ খেতিপথাৰ পৰিদৰ্শন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী পিযুষ হাজৰিকাই।
আধুনিক কৃষি পদ্ধতিৰে ড্ৰেগন ফলৰ খেতি কৰি স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে কৃষকগৰাকীয়ে। খেতিপথাৰ পৰিদৰ্শনৰ সময়ত উৎপাদন, বজাৰ ব্যৱস্থা, সফলতা আৰু কৃষকৰ বিভিন্ন সমস্যাৰ বিষয়ে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে।
কৃষিৰে স্বাৱলম্বিতা, কৃষিৰে সমৃদ্ধ অসম।
