আলোপতি নলেৰচৰত নাভূত নাশ্ৰুত ঘটনা বিবাহিতা খুলশালীয়েকক অবৈধ প্ৰেমৰ জালত পেলায় পাতিলে দ্বিতীয় পত্নী

নগৰবেৰাৰ পৰা ইমনুল হাচানৰ প্ৰতিবেদন:-ৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত আলোপতি নলেৰচৰৰ আলিম উদ্দিনৰ পুত্ৰ আয়নাল হকে প্ৰেমৰ জালত পেলাই বিবাহিতা খুলশালীয়েকক পাতিলে দ্বিতীয় পত্নী। চৰকাৰে কঠোৰ আইন আনিও ৰোধ কৰিব পৰা নাই বহু বিবাহ,চৰকাৰে বহুবিবাহলৈ প্ৰণয়ন কৰা আইনক বুঢ়া আঙুলি দেখুৱাই একাংশই সংঘটিত কৰি আছে বহুবিবাহ, এইবাৰৰ ঘটনা আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতি নলেৰ চৰত।তিনি সন্তানৰ পিতৃ আয়নাল হকৰ পত্নী থকাৰ পিছতো নিজ বিবাহিতা খুলশালীয়েকক অবৈধ প্ৰেমৰ সম্পৰ্কৰে বনালে দ্বিতীয় পত্নী। সমাজবাসীয়ে মানি লব পৰা নাই এই অবৈধ প্ৰেমৰ কাহিনী।বৰ্তমান ঘৰ এৰি পলাতক অৱস্থাত আছে আয়নাল হক আৰু দ্বিতীয় পত্নী খুলশালীয়েক।সম্প্ৰতি ঘটনাক কেন্দ্ৰ কৰি আলোপতি নলেৰচৰ অঞ্চলজুৰি অব্যাহত আছে তীব্ৰ চাঞ্চল্যৰ।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register