আজি ৰূপহী সমষ্টিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত নগাঁও জিলা যুৱ মৰ্চাৰ সভাপতি ভাস্কৰ শইকীয়াৰ নেতৃত্বত আগন্তুক ৬ অক্টোবৰ তাৰিখে হ’বলগীয়া লোকসভা উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা জয় নিশ্চিত

আজি ৰূপহী সমষ্টিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত নগাঁও জিলা যুৱ মৰ্চাৰ সভাপতি ভাস্কৰ শইকীয়াৰ নেতৃত্বত আগন্তুক ৬ অক্টোবৰ তাৰিখে হ’বলগীয়া লোকসভা উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা জয় নিশ্চিত কৰিবলৈ জুৰীয়া মণ্ডলৰ যুৱ মৰ্চাৰ সমিতিখনৰ সৈতে বৈঠক অনুষ্ঠিত হয়। সেই বৈঠক চলি থকা অৱস্থাত আমি কাৰ্যালয়ত উপস্থিত হৈ পোৱাত তেওঁলোকে আমাকো দুআষাৰ ক’বলৈ সুবিধা দিয়াৰ বাবে ভাস্কৰ শইকীয়াক ধন্যবাদ জনাইছো।‌ লগতে তাত আমি বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক,নগাঁও লোকসভাৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰভাৰী ৰূপম গগৈ  ৰাজ্যিক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক আৰু নগাঁও লোকসভাৰ অন্তৰ্গত ৰূপহী সমষ্টিৰ প্ৰচাৰৰ প্ৰভাৰী দেৱশ্ৰী বৰা আৰু মৰ্চাৰ কেইবাগৰাকীও ভাতৃপ্ৰতীম নেতৃত্বক লগপাও। আমি আশাবাদী যে যুৱ মৰ্চাই যুৱ সমাজক উলিয়াই অনাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ময়ো নিৰ্বাচনৰ বাবে ৰূপহী সমষ্টিৰ দায়িত্বপ্ৰাপক হিচাপে থকাৰ পৰিপ্ৰেক্ষিতত আগন্তুক নিৰ্বাচনত যুৱ সমাজৰ ১৮ বছৰৰ পৰা ৩৫ বছৰৰ প্ৰতিনিধিক লৈ এক বিশেষ প্ৰচাৰ কৰ্মশালা কৰাৰ লগতে এক বিশাল যুৱ মৰ্চাৰ সভাৰ বাবে যুৱ মৰ্চাৰ সদস্য সকলৰ লগত পৰিকল্পনা কৰোঁ। 

 

 

Leave a Reply

BP NEWS Live
Logo Thursday, 17 September 2026
Login / Register