নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি নগাঁও-মৰিগাঁও জিলা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ বৈঠকত উপস্থিত থাকোঁ। আগন্তুক উপ-নিৰ্বাচনটোত এন ডি এ মনোনীত প্ৰাৰ্থী দেৱাশীষ শৰ্মা নিৰঙ্কুশ বিজয় সুনিশ্চিত কৰাৰ বাবে নিৰ্বাচনী প্ৰস্তুতি, সাংগঠনিক তৎপৰতা আৰু বিভিন্ন বিষয় সন্দৰ্ভত বৈঠকত বিতংভাৱে আলোচনা কৰা হয়।
এই বৈঠকত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰী দিলীপ শইকীয়া অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰীকা কেশৱ মহন্ত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা বিধায়ক ৰূপক শৰ্মা প্ৰদ্যুৎ বৰদলৈ জিতু গোস্বামী ৰমাকান্ত দেউৰী ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক (সংগঠন) ৰবীন্দ্ৰ ৰাজু ৰাজ্যিক সম্পাদক শ্ৰী অভিজিৎ নাথ আৰু ভাৰতীয় জনতা পাৰ্টি, নগাঁও জিলাৰ সভাপতি শ্ৰী সুবৰ্ণ সিং সমন্বিতে কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
