আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি ৰূপহী সমষ্টিৰ অন্তৰ্গত জুৰীয়া ব্লকত ৰূপহী সুতিৰপাৰ গাঁও পঞ্চায়ত, সুতিৰপাৰ বৰালিমাৰি গাঁও পঞ্চায়ত, মেলাকাটিং আৰু হাতীজুজুৱা গাঁও পঞ্চায়তৰ সদস্যসকলৰ সৈতে কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰোঁ।
উক্ত সভাত উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি তৃণমূল পৰ্যায়ত দলীয় সাংগঠনিক স্থিতি অধিক শক্তিশালী কৰাৰ লগতে ভোটাৰ ৰাইজৰ সৈতে সুসম্পৰ্ক গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
