কালি মাজনিশা লখিমপুৰ জিলাৰ বগীনদী আৰক্ষীয়ে অভিযান চলাই এখন বাহনত ভৰি, মুখ বান্ধি কঢ়িয়াই অনা ছটাকৈ গৰু বাহনৰ সৈতে জব্দ কৰিবলৈ সক্ষম হয় ।আৰক্ষীৰ এই অভিযানত গৰুৰ চোৰাং ব্যৱসায়ৰ জড়িত এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বগীনদী আৰক্ষী সুত্ৰে প্ৰকাশ কৰা তথ্য মতে, কালি নিশা প্ৰায় ১২.৩০ বজাত, এক গোপন খবৰৰ ভিত্তিত ধেমাজি জিলাৰ গোগামুখৰ দিশৰ পৰা চোৰাং গৰু কঢ়িয়াই অনা এ এছ ৩২ বি ৬৮৭৮ নম্বৰৰ ই’কো ভানখন ৰখাবলৈ প্ৰথমতে চেষ্টা কৰিছিল চাউলধোৱা আৰক্ষীয়ে। কিন্তু অতি তীব্ৰ গতিৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি লখিমপুৰ সদৰ অভিমুখী বাহনখন ৰখাবলৈ চেষ্টা কৰিও বিফল হোৱাত, বিষয়টো লগে লগে চাউলধোৱা আৰক্ষীয়ে অৱগত কৰে বগীনদী আৰক্ষীক। ইয়াৰ পিছতেই কালি নিশাৰ প্ৰতিকুল বতৰকো নেওচি বগীনদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ বৰপাত্ৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থানাৰ সন্মুখতেই চোৰাং গৰু সৰবৰাহকাৰী দলটোক ৰখাবলৈ চেষ্টা কৰে। যদিও চাউলধোৱা আৰক্ষীৰ খবৰৰ ভিত্তিত তীব্ৰ বেগী বাহনখনে যিকোনো মূহুৰ্ততে আৰক্ষীৰ তালাচী ওফৰাই পলাই যোৱাৰ সম্ভাৱনা থকাৰ বাবেই, আৰক্ষী বিষয়া গৰাকীয়ে কৌশলেৰে পথেদি চলাচল কৰা দুখন ট্ৰাকৰ সহযোগত বাহনখন আগভেটি ধৰিবলৈ সক্ষম হয়। আৰক্ষীৰ এই অভিযানত বাহনখনত চোৰাংকৈ গৰু কঢ়িয়াই অনা নগাঁও জিলাৰ, চামগুৰি থানাৰ অন্তৰ্গত সোণাৰী বালি গাঁৱৰ হজৰত আলিৰ পুত্ৰ ছৰিফুল ইছলাম (২২)ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
বগীনদী আৰক্ষীৰ সফল অভিযান, মাজনিশা ছটাকৈ চোৰাং গৰু ভৰ্তি এখন বাহন সহ গ্ৰেপ্তাৰ কৰিলে এজন সৰবৰাহকাৰীক
