- নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি চামগুৰি মণ্ডল কাৰ্যালয়ত মণ্ডলৰ বিষয়ববীয়া, শক্তি কেন্দ্ৰৰ প্ৰমুখ, বিভিন্ন মৰ্চাৰ বিষয়ববীয়া আৰু পঞ্চায়তসমূহৰ দায়িত্বপ্ৰাপ্ত প্ৰতিনিধিসকলক লৈ আগন্তুক লোকসভাৰ উপ- নিৰ্বাচনক কেন্দ্ৰ কৰি এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়।
উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক) নগাঁও জিলা বিজেপিৰ সাধাৰণ সম্পাদক নৱজ্যোতি বৰুৱা ডাঙৰীয়া, চামগুৰি মণ্ডলৰ সভাপতি চামগুৰি সমষ্টিৰ দায়িত্বপ্ৰাপ্ত তথা নগাঁও জিলা বিজেপিৰ আমন্ত্ৰিত সদস্য চামগুৰি মণ্ডলৰ প্ৰভাৰি সন্মানীয় অনুপ দেৱ উপৰি মণ্ডলৰ প্ৰভাৰি তথা নগাঁও জিলা সম্পাদক ।
সভাত আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি দলীয় সাংগঠনিক স্থিতি অধিক শক্তিশালী কৰা, তৃণমূল পৰ্যায়ত দলীয় কাৰ্যকলাপ সুদৃঢ় কৰা আৰু সমূহীয়া দায়িত্ব-কৰ্তব্যৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়
