ডিব্ৰুগড়ত OIL India-ত চাকৰি দিয়াৰ নামত প্ৰায় ৩০ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ। এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বৰবৰুৱাৰ বাসিন্দা পাৰ্থপ্ৰতিম বাঘলাৰীৰ বিৰুদ্ধে।
অভিযোগ অনুসৰি, অসম আৰু ত্ৰিপুৰাৰ কেইবাগৰাকীও যুৱক-যুৱতীক OIL India-ত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি লাখ লাখ টকা সংগ্ৰহ কৰা হৈছিল।
ইফালে, ত্ৰিপুৰাৰ ধৰ্মনগৰৰ ২৪ বছৰীয়া এগৰাকী যুৱতীয়ে চাকৰিৰ আশাত ৪ লাখ ৫০ হাজাৰ টকা প্ৰদান কৰাৰ অভিযোগ কৰিছে। পৰৱৰ্তী সময়ত তেওঁক এখন ভুৱা নিযুক্তি পত্ৰ দিয়া বুলি অভিযোগ উত্থাপন হৈছে।
ঘটনাটোৰ পিছতে যুৱতীগৰাকীয়ে ডিব্ৰুগড়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ দাখিল কৰি অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু ন্যায় প্ৰদানৰ দাবী জনাইছে।
চাকৰিৰ নামত ধন সংগ্ৰহৰ এই অভিযোগক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। অৱশ্যে, পাৰ্থপ্ৰতিম বাঘলাৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যতা আৰক্ষীৰ তদন্তৰ পিছতহে নিশ্চিত হ’ব।
