POCSO গোচৰত যুগেন গড় দোষী সাব্যস্ত, ৩০ বছৰৰ কাৰাদণ্ড ডিব্ৰুগড় আদালতৰ

ডিব্ৰুগড়ৰ বিশেষ POCSO আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। POCSO গোচৰত অভিযুক্ত যুগেন গড়ক দোষী সাব্যস্ত কৰি ৩০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে আদালতে।

ডিব্ৰুগড় আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, টিংখং থানাৰ গোচৰ নম্বৰ ২৪৬/২০১৯ৰ ভিত্তিত ৰুজু হোৱা POCSO Case No. 04/2020ৰ শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰে ডিব্ৰুগড়ৰ মাননীয় বিশেষ POCSO ন্যায়াধীশ তথা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে।

আদালতে অভিযুক্ত যুগেন গড়ক POCSO আইনৰ ধাৰা ৬ৰ অধীনত দোষী সাব্যস্ত কৰে। শাস্তি হিচাপে তেওঁক ৩০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে।

জৰিমনাৰ ধন পৰিশোধ নকৰিলে অতিৰিক্তভাৱে ৬ মাহৰ সৰল কাৰাদণ্ড ভোগ কৰিব লাগিব দোষী সাব্যস্ত হোৱা ব্যক্তিগৰাকীয়ে।

এই গোচৰটোত চৰকাৰী অধিবক্তা অঞ্জু দেৱী সোণাৰে আদালতত গোচৰটো পৰিচালনা কৰে। আনহাতে, গোচৰটোৰ তদন্ত চলাইছিল SI ৰাজীৱ ইংতিয়ে।

Leave a Reply

BP NEWS Live
Logo Friday, 25 September 2026
Login / Register