NSS দিৱস উপলক্ষে নাজিৰা কলেজৰ উদ্যোগত বৃক্ষৰোপণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান

Oplus_19005440

নাজিৰা, ২৪ ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS) দিৱস উপলক্ষে শিৱসাগৰ জিলাৰ নাজিৰা অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নাজিৰা কলেজৰ NSS গোটৰ উদ্যোগত আজি বৃক্ষৰোপণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান অনুষ্ঠিত কৰা হয়।

নাজিৰা ভেবাচুক আৰু ৰজাপুল অঞ্চলত অনুষ্ঠিত এই অভিযানত কলেজখনৰ বহু সংখ্যক NSS স্বেচ্ছাসেৱকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। অভিযানৰ অংশ হিচাপে বিভিন্ন স্থানত বহুতো গছপুলি ৰোপণ কৰাৰ লগতে অঞ্চলসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলা হয়।

বৃক্ষৰোপণৰ পিছত ৰোপণ কৰা গছপুলিসমূহৰ নিয়মীয়া যতন আৰু সংৰক্ষণৰ দায়িত্ব ওচৰৰ স্থানীয় লোকসকলক অৰ্পণ কৰা হয়। স্থানীয় লোকসকলেও গছপুলিসমূহৰ যতন লোৱাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা প্ৰকাশ কৰে।

এই উপলক্ষে উপস্থিত লোকসকলে কয় যে, “এটা গছ কাটিবলগীয়া হ’লে তাৰ পূৰ্বে অন্ততঃ এশটা গছ ৰোপণ কৰাটো আমাৰ দায়িত্ব।” পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত এনে পদক্ষেপ এক ইতিবাচক বাৰ্তা বুলিও তেওঁলোকে মত প্ৰকাশ কৰে।

এই কাৰ্যসূচীত নাজিৰা কলেজৰ NSS Programme Officer লিজা শ্যাম, IQAC Coordinator জ্যোতিৰঞ্জন মিলি, অধ্যাপক পূণকান্ত গগৈ আৰু অধ্যাপিকা পূবালি হাজৰিকা উপস্থিত থাকে। NSS স্বেচ্ছাসেৱকসকলৰ এনে উদ্যোগে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব বুলি উপস্থিতসকলে আশা প্ৰকাশ কৰে।

Leave a Reply

BP NEWS Live
Logo Thursday, 24 September 2026
Login / Register