ডিব্ৰুগড় বিমানবন্দৰত ৬ মিনিটৰ ভিতৰত Pick-up & Drop-off সম্পূৰ্ণ কৰিলে নালাগে কোনো পাৰ্কিং মাচুল!

ডিব্ৰুগড় বিমানবন্দৰলৈ অহা-যোৱা কৰা যাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ।

৬ মিনিটৰ ভিতৰত যাত্ৰী উঠোৱা-নমোৱা সম্পূৰ্ণ কৰিলে কোনো ধৰণৰ পাৰ্কিং মাচুল দিব নালাগে। ডিব্ৰুগড় বিমানবন্দৰ কৰ্তৃপক্ষই এই কথা স্পষ্ট কৰি দিছে।

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ, অৰ্থাৎ AAIৰ অধীনস্থ ডিব্ৰুগড় বিমানবন্দৰত প্ৰদৰ্শিত পাৰ্কিং টেৰিফক লৈ কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। টেৰিফ ব’ৰ্ডত যাত্ৰী উঠোৱা-নমোৱাৰ বাবে প্ৰৱেশৰ পৰা বাহিৰ হোৱালৈ ৬ মিনিট সময় নিৰ্ধাৰণ কৰা আছিল যদিও, এই সময়ছোৱা বিনামূলীয়া নে নহয়, সেয়া স্পষ্টকৈ উল্লেখ নাছিল।

ইয়াৰ পিছতে বিমানবন্দৰ কৰ্তৃপক্ষই স্পষ্ট কৰি দিয়ে যে যাত্ৰী উঠোৱা বা নমোৱাৰ উদ্দেশ্যে বিমানবন্দৰত প্ৰৱেশ কৰি ৬ মিনিটৰ ভিতৰত বাহিৰ হোৱা কোনো বাহনৰ পৰা কোনো মাচুল সংগ্ৰহ কৰিব নোৱাৰিব।

অৱশ্যে, নিৰ্ধাৰিত ৬ মিনিটৰ সময়সীমা অতিক্ৰম কৰিলে প্ৰযোজ্য পাৰ্কিং টেৰিফ অনুসৰি মাচুল আদায় কৰা হ’ব।

অৰ্থাৎ, যাত্ৰীক বিমানবন্দৰত থৈ বা লৈ ৬ মিনিটৰ ভিতৰত বাহনখন বাহিৰলৈ উলিয়াই আনিলে পাৰ্কিং মাচুল একেবাৰেই নালাগে। কৰ্তৃপক্ষৰ এই স্পষ্টীকৰণে বিমানবন্দৰলৈ অহা যাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ মাজত থকা বিভ্ৰান্তি দূৰ কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register