বান সাহায্যৰ দাবীত শিৱসাগৰত অনুসূচীত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

উজনি অসমৰ তিনিখন জিলাত সংঘটিত হোৱা ভয়ংকৰ বানপানীৰ আজি প্ৰায় দুমাহ উকলি যোৱাৰ পাছতো বহু বানপীড়িত পৰিয়ালে লাভ কৰা নাই চৰকাৰৰ প্ৰথম পৰ্যায়ৰ ১৫ হাজাৰ টকাৰ এককালীন বান সাহায্য। এই বঞ্চিত পৰিয়ালসমূহক শীঘ্ৰে সাহায্য প্ৰদানৰ দাবীত শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ শিৱসাগৰ জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাই।

শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৰ সদস্যসকলে প্ৰায় দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে বানত ক্ষতিগ্ৰস্ত হোৱা অথচ এতিয়াও চৰকাৰী সাহায্য লাভ নকৰা পৰিয়ালসমূহক অতি সোনকালে ১৫ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰে।

সংগঠনটোৰ অভিযোগ অনুসৰি, চৰকাৰে ঘোষণা কৰা ১৫ হাজাৰ টকাৰ বান সাহায্য প্ৰকৃততে বানত ক্ষতিগ্ৰস্ত নোহোৱা একাংশ লোকেও লাভ কৰিছে। আনহাতে, প্ৰকৃত বানাক্ৰান্ত বহু পৰিয়াল এতিয়াও এই সাহায্যৰ পৰা বঞ্চিত হৈ আছে বুলি সংগঠনটোৱে অভিযোগ কৰে।

প্ৰতিবাদকাৰীসকলে প্ৰকৃত বানাক্ৰান্ত পৰিয়ালসমূহক চিনাক্ত কৰি কোনো ধৰণৰ বৈষম্য নকৰাকৈ শীঘ্ৰে এককালীন সাহায্য প্ৰদান কৰিবলৈ চৰকাৰ আৰু জিলা প্ৰশাসনৰ ওচৰত দাবী জনায়।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register