ডিব্ৰুগড়ৰ পৰা তাইৱানলৈ সুৰৰ যাত্ৰা, Neuwaan Caravan-এ প্ৰতিনিধিত্ব কৰিব ভাৰতক

ডিব্ৰুগড়ৰ বাবে গৌৰৱৰ খবৰ। ডিব্ৰুগড়ৰ সন্তান, সংগীতশিল্পী, সুৰকাৰ আৰু মিউজিক ডাইৰেক্টৰ ভাস্কৰ জ্যোতি কোঁৱৰ, যিগৰাকী ‘Neuwaan’ নামেৰে জনপ্ৰিয়, এইবাৰ তাইৱানত অনুষ্ঠিত হ’বলগীয়া Asia Pacific Traditional Arts Festival 2026-ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে।

তেওঁৰ নেতৃত্বত নজনীয়া ‘Neuwaan Caravan’ দলে এই আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমৰ লোকসংগীতৰ পৰম্পৰাক আধুনিক আৰু ইলেক্ট্ৰনিক সংগীতৰ সৈতে একত্ৰিত কৰি উপস্থাপন কৰিব।

উল্লেখ্য, এই উৎসৱত জাপান, ছিংগাপুৰ, থাইলেণ্ড, ইণ্ডোনেছিয়া, দক্ষিণ কোৰিয়া আৰু তাইৱানৰ শিল্পীসকলেও অংশগ্ৰহণ কৰিব।

‘Neuwaan Caravan’ৰ এই যাত্ৰাই অসমৰ সমৃদ্ধ সংগীত পৰম্পৰাক আন্তঃৰাষ্ট্ৰীয় মঞ্চত তুলি ধৰাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত শিল্পীৰ সৈতে সাংস্কৃতিক সংযোগ স্থাপনৰ এক বিশেষ সুযোগ প্ৰদান কৰিব।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register