বিশেষভাৱে সক্ষম ব্যক্তিৰ কাষত বিধায়ক প্ৰশান্ত ফুকন, আগবঢ়ালে সহায়ক ৱাকাৰ-ষ্টেণ্ড।

বিশেষভাৱে সক্ষম ব্যক্তিৰ কাষত প্ৰশান্ত ফুকন

ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত মানকটা খনিকৰ পঞ্চায়তত বিশেষভাৱে সক্ষম এগৰাকী ব্যক্তিৰ বাবে সহায়ৰ হাত আগবঢ়ালে বিধায়ক প্ৰশান্ত ফুকনে।

দৈনন্দিন জীৱন অধিক সহজ আৰু স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে আজি ব্যক্তিগৰাকীৰ হাতত সহায়ক ৱাকাৰ তথা ষ্টেণ্ড প্ৰদান কৰে প্ৰশান্ত ফুকনে।

এই উপলক্ষে প্ৰশান্ত ফুকনে কয় যে, সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ মৰ্যাদা, অধিকাৰ আৰু স্বাভিমান সুৰক্ষিত কৰাটো সকলোৰে দায়িত্ব। বিশেষভাৱে সক্ষম লোকসকলক প্ৰয়োজনীয় সহায় আৰু সহমৰ্মিতা আগবঢ়াই তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত সকলোৱে আগবাঢ়ি আহিব লাগে বুলিও তেওঁ উল্লেখ কৰে।

মানুহৰ সুখ-দুখৰ সময়ত কাষত থকাই জনসেৱাৰ প্ৰকৃত অৰ্থ বুলি মন্তব্য কৰি এখন অধিক সংবেদনশীল, সহানুভূতিশীল আৰু সমতাপূৰ্ণ সমাজ গঢ়াৰ আহ্বান জনায় প্ৰশান্ত ফুকনে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register