৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত এবিভিপিৰ উদ্যোগত অধ্যক্ষক সম্বৰ্ধনা, প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় গিৰিধৰ শৰ্মাদেৱক শ্ৰদ্ধাৰে স্মৰণ

গুৱাহাটী, ২৯ জুলাই: অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক সুকীয়া আৰু গৌৰৱময় পৰিচয় বহন কৰি অহা আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ে আজি গৌৰৱোজ্জ্বল ৬৮টা বছৰ সম্পূৰ্ণ কৰিলে। মহাবিদ্যালয়খনৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি মহাবিদ্যালয় চৌহদত শ্ৰদ্ধা, সন্মান আৰু উৎসাহ-উদ্দীপনাৰে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
এই বিশেষ দিনটো উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি)-ৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় গোটৰ উদ্যোগত এক বিশেষ সন্মানসূচক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত মহাবিদ্যালয়ৰ সন্মানীয় প্ৰধানচাৰ্য্য ড° প্ৰদীপ কুমাৰ ভট্টাচাৰ্য্য মহোদয়ক এখনি ফুলাম গামোচা আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰি তেওঁৰ নেতৃত্ব, শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ প্ৰচেষ্টা আৰু ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ প্ৰতি সন্মান প্ৰকাশ কৰা হয়।

প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ অন্যতম গুৰুত্বপূৰ্ণ মুহূৰ্ত আছিল মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় গিৰিধৰ শৰ্মাদেৱৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাৰে মালা অৰ্পণ , পুষ্পাঞ্জলি অৰ্পণ কৰি শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অনবদ্য অৱদান, দূৰদৰ্শী চিন্তা আৰু আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগবঢ়োৱা ঐতিহাসিক ভূমিকাক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।
তদুপৰি আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ এই বিশেষ দিনটোত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় এ বি ভি পি
গোটৰ তৰফৰ পৰা স্বৰ্গীয় গিৰিধৰ শৰ্মাৰ প্ৰতিমূৰ্তি ত বন্তি প্ৰজ্বলন কৰাৰ লগতে মহাবিদ্যালয়ৰ চৌহদত ৩০০ গছি বন্তি প্ৰজ্বলন কৰি এই পবিত্ৰ দিনটো উদযাপন কৰা হয়।
স্বৰ্গীয় গিৰিধৰ শৰ্মাদেৱৰ নিষ্ঠা, অধ্যৱসায় আৰু শিক্ষাৰ প্ৰতি থকা গভীৰ দায়বদ্ধতাৰ ফলতেই মহাবিদ্যালয়খনৰ শক্তিশালী ভেটি স্থাপন হৈছিল। বিগত ৬৮ বছৰত সেই ভেটিৰ ওপৰত নিৰ্মাণ হোৱা আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ে অসমৰ শৈক্ষিক ক্ষেত্ৰত নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।

৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস কেৱল এটা শিক্ষানুষ্ঠানে ৬৮ বছৰ সম্পূৰ্ণ কৰাৰ উৎসৱ নহয়; ই হৈছে এটা গৌৰৱময় অতীতক স্মৰণ, বৰ্তমানৰ সফলতাক মূল্যায়ন আৰু ভৱিষ্যতৰ বাবে নতুন সংকল্প গ্ৰহণৰ এক বিশেষ ক্ষণ। বিগত বছৰসমূহত মহাবিদ্যালয়খনৰ পৰা শিক্ষা গ্ৰহণ কৰা অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা, প্ৰশাসন, সাহিত্য, সংস্কৃতি, বিজ্ঞান, কলা, সমাজসেৱা, ব্যৱসায়-বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰি মহাবিদ্যালয়খনৰ নাম উজলাই তুলিছে।
আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় কেৱল এখন শিক্ষানুষ্ঠান হিচাপে সীমাবদ্ধ হৈ থকা নাই। শিক্ষাৰ সৈতে মূল্যবোধ, সংস্কাৰ, সামাজিক দায়বদ্ধতা আৰু সাংস্কৃতিক চেতনাৰ সমন্বয় ঘটাই ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশত মহাবিদ্যালয়খনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিগত ৬৮ বছৰৰ এই দীঘলীয়া যাত্ৰাত শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য।

প্ৰতিষ্ঠা দিৱসৰ এই পৱিত্ৰ ক্ষণত মহাবিদ্যালয়খনৰ গৌৰৱময় ঐতিহ্য আৰু পৰম্পৰাক আগুৱাই নিয়াৰ লগতে ভৱিষ্যৎ প্ৰজন্মক উন্নত শিক্ষা, নৈতিক মূল্যবোধ, শৃংখলা, সামাজিক দায়িত্ববোধ আৰু দেশপ্ৰেমৰ আদৰ্শৰে গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
এই উপলক্ষে ন-পুৰণি, বৰ্তমান আৰু প্ৰাক্তন সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী তথা সমগ্ৰ আৰ্য্য পৰিয়াললৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰা হয়। লগতে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যৎ, অবিৰত উন্নতি আৰু শৈক্ষিক ক্ষেত্ৰত অধিক সফলতা কামনা কৰা হয়।

৬৮ বছৰৰ এই গৌৰৱোজ্জ্বল যাত্ৰাই আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সমৃদ্ধ ঐতিহ্য আৰু শৈক্ষিক অৱদানৰ এক উজ্জ্বল সাক্ষ্য বহন কৰিছে। প্ৰতিষ্ঠাপকসকলৰ আদৰ্শ আৰু অতীতৰ গৌৰৱক সাৰথি কৰি নতুন প্ৰজন্মৰ আশা-আকাংক্ষা পূৰণৰ লক্ষ্যৰে মহাবিদ্যালয়খনে আগন্তুক দিনতো শিক্ষা, জ্ঞান, সংস্কৃতি আৰু সামাজিক চেতনাৰ ক্ষেত্ৰত অধিক শক্তিশালী ভূমিকা পালন কৰি যাব বুলি আশা প্ৰকাশ কৰা হয়।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register