পাঁচদিনৰ অন্তত লখিমপুৰৰ সোৱনশিৰি নৈৰ ঘাগৰ ঘাটৰ পৰা সন্ধানহীন হোৱা দুই ভাতৃৰ ভিতৰৰ এজনৰ মৃতদেহ উদ্ধাৰ।

সম্পূৰ্ণ পাঁচদিনৰ অন্তত আজি সোৱনশিৰি নৈৰ ঘাগৰ ঘাটৰ পৰা সন্ধানহীন হোৱা দুই ভাতৃৰ ভিতৰৰ এজনৰ মৃতদেহ উদ্ধাৰ হৈছে। লখিমপুৰ জিলাৰ মাহৰা চমুৱা গাঁৱৰ দুই ভাতৃ মাধৱ ওৰফে গণেশ বৰুৱা আৰু ভৈৰৱ বৰুৱা, ই মৃত পিতৃৰ ৰিষ্ট খণ্ডাৱলৈ সোঁৱণশিৰি নৈত পূজা কৰিবলৈ গৈ যোৱা সোমবাৰৰ পৰা নদীৰ বুকুত সন্ধানহীন হৈ পৰিছিল। সোৱনশিৰী নৈৰ ঘাগৰ ঘাটত সংঘটিত এই ঘটনাৰ পিছতে এছ ডি আৰ এফ আৰু এন ডি আৰু এফে, দুই ভাতৃক বিচাৰি নৈৰ বুকুত সন্ধান অব্যাহত ৰাখিছিল। আজি পাঁচদিনৰ অন্তত খাবলু ঘাটৰ বালিচৰত পৰি থকা অৱস্থাত ভৈৰৱ বৰুৱা নামৰ কণিষ্ঠ ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰে এন ডি আৰ এফ আৰু এছ ডি আৰ এফে ।।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register