ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত পুনৰ তীব্ৰতৰ হৈছে ড্ৰাগছবিৰোধী অভিযান। ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক অভিযানত আৰক্ষীয়ে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক সোধা-পোছাৰ অন্তত পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আৰু আদালতত হাজিৰ কৰাৰ কাম আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে।

ড্ৰাগছৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী-প্ৰশাসনে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। আৰক্ষীৰ এই অভিযান অব্যাহত থকাৰ মাজতো জিলাখনত ড্ৰাগছৰ অবৈধ সৰবৰাহ আৰু সেৱনক লৈ উদ্বেগ বৃদ্ধি পাইছে।

যুৱ সমাজক ড্ৰাগছৰ কবলৰ পৰা আঁতৰাই ৰখাৰ বাবে আৰক্ষীৰ লগতে অভিভাৱক আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সহযোগিতা অতি গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰিছে সচেতন মহলে।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register